Your Voice, Our Strength

সাৱধান! এইবাৰ কৰ’নাই টাৰ্গেট কৰি লৈছে শিশুক।

ৰাজ্যত ভয়াবহভাবে বৃদ্ধি ক'ভিডত আক্ৰান্ত শিশুৰ সংখ্যা

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুন:দিনক দিনে জটিল হৈ পৰিছে কৰ’নাৰ পৰিস্থিতি । ঠায়ে ঠায়ে সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা গৈছে যদিও এতিয়াও ভয়াৱহ ৰূপত আছে কভিড-১৯ । দ্বিতীয়টো ঢৌত এইবাৰ শিশুৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি।দ্বিতীয়টো ঢৌৱে শেহতীয়াকৈ শিশুক আক্রান্ত কৰা ঘটনাই সকলোকে চিন্তনীয় কৰি তুলিছে ৷১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে অসমত কৰ’নাত আক্ৰান্ত হৈছে ২,৮০,৫০৪জন লোক।ইয়াৰে ভিতৰত ৩৪,৬০৬ ০ৰ পৰা ১৮ বছৰ বয়সৰ৷এই সময়চোৱাত কোভিডত আক্ৰান্ত হোৱাৰ ভিতৰত ৫,৭৫৫জন ৫ বছৰ বয়সৰ তলৰ আৰু ২৮,৮৫১জন ৬ৰ পৰা ১৮ বছৰ বয়সৰ।

১ এপ্রিলৰ পৰা ক’ভিডৰ দ্বিতীয়টো ঢৌত ১৮ বছৰৰ অন্তর্গত মুঠ ২৩৮০টি শিশু ডিব্রুগড় জিলাতেই আক্রান্ত হৈছে৷চলিত জুন মাহত ৬০টি শিশু ক’ভিডত আক্রান্ত হৈ এ এম চি এইচত ভর্তি হৈছিল৷ইয়াৰ ভিতৰত ৫টি শিশু ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ কামৰূপ মেট্ৰত ১ এপ্ৰিলৰ পৰা ২৬ জুনলৈকে কৰ’নাত আক্ৰান্ত হৈছে ৫৩৪৬টি শিশু-কিশোৰ। অন্যহাতে ২ জুনত ৩৭ দিনীয়া এটা শিশুৰ প্রথম এ এম চি এইচত মৃত্যু হৈছিল৷ইয়াৰ পাছত ৯ জুনত ৩৪ দিনীয়া এটি শিশুৰ,১৭ জুনত ৮ বছৰীয়া এটি শিশুৰ, ১৯ জুনত ৫ মহীয়া এটি শিশুৰ আৰু ২৬ জুনত ১১ মহীয়া এটি শিশুৰ ক’ভিডত মৃত্যু হৈছিল৷ইফালে,বিগত ১ জুনৰ পৰা ২৬ জুনলৈ তিনিচুকীয়াত এক বছৰ বয়সৰ শিশু ৩৪গৰাকী, এবছৰৰ পৰা ১৮ বছৰৰ ৬৬২গৰাকী, ১৯ বছৰৰ পৰা ৪৯ বছৰলৈকে ৩৭১৯গৰাকী ক’ভিডত আক্রান্ত হৈছে৷ শেহতীয়াকৈ শিশু সকলক টাৰ্গেট কৰি লৈছে ক’ৰোনাই । চৰকাৰে পুনৰ নতুন। এছ অ পি বলবৎকৰি সামান্য সকাহ পাইছে যদিও কোভিডৰ সংক্ৰমণ পুনৰ দিনে দিনে বৃদ্ধি পাই চিন্তিত কৰিছে ৰাজ্যবাসীক । ৰাইজ যদি সাৱধান নহয় তেন্তে এই শেহতীয়াকৈ এই দ্বিতীয় ঢৌয়ে যি ৰূপ ধাৰণ কৰিছে সঁচাই ভয়াবহ ।

P&C

You might also like