Your Voice, Our Strength

ডকাইত ধৰা ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ পুলিছে

কাছাৰ পুলিছে টুইটাৰত ছবি প্ৰকাশ

আজিৰ খবৰ,৩জুলাই : দুজন সন্দেহজনক বাইকাৰোহীৰ তথ্যৰ বাবে কাছাৰ পুলিচে পুৰষ্কাৰ ঘোষণা কৰিছে ৷ কোনো ব্যক্তিৰ পৰা উক্ত দুই অপৰাধীয়ে ধন কাঢ়ি নিয়াৰ অভিযোগ উঠিছে ৷ কাছাৰ আৰক্ষীয়ে এই দুই অপৰাধীৰ বিৰুদ্ধে এখন ফটো শ্বেয়াৰ কৰিছে টুইটাৰত ৷ টুইটাৰত লিখিছে যে উক্ত দুই অপৰাধীৰ সম্পৰ্কে খবৰ দিওতালৈ নগদ পুৰষ্কাৰ দিয়া হ’ব ৷ তদুপৰি খবৰ দিওতাৰ নাম গোপনে ৰখা হ’ব ৷ তথ্য দিবলৈ ৯৭০৬৬০৩৮৮/৮৬৩৮৬২২৪১১ দুটা দিছে ৷ যিকোনো ব্যক্তিয়ে উক্ত নম্বৰত পুলিচৰ স’তে যোগাযোগ কৰিব পাৰিব ৷ জানিব পৰা মতে, বিয়লি পৰত শিলচৰৰ ৰাধামধব কলেজৰ এজন কৰ্মচাৰীৰ পৰা দুই লাখ টকা কাঢ়ি নিছিল দুই অপৰাধীয়ে ৷ ৰঙ্গিৰখড়ীৰ ষ্টেট বেংক অব ইন্ডিয়াৰ নতুন শিলচৰ শাখাৰ পৰা বাহিৰলৈ উলাই আহোতেই ব্যক্তিজনক আক্ৰমণ কৰি কাঢ়ি নিছিল টকাখিনি ৷ আনহাতে পুলিচে চিচিটিভি ফুটেজত বাইকাৰোহী দুজনৰ পিছফালৰ পৰা এখন ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিখন টুইটাৰত শ্বেয়াৰ কৰিছে পুলিচে ৷ উল্লেখযোগ্য যে, আই পি এছ বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা দিনৰে পৰা কাছাৰত অপৰাধীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।আনহাতে তেওঁৰ নেতৃত্বত কাছাৰ পুলিচে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

P&C
You might also like