
আজিৰ খবৰ,৬জুলাই: যোৰহাট জিলাৰ শেহতীয়া কোভিড পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনক। যোৰহাটৰ বহু লোকে কোভিড বিধিসমূহ মানি নচলা বাবেই জিলাখনত কোভিডে পুনৰ জটিল ৰূপ ধাৰণ কৰিবলৈ গৈছে যাৰ ফলত প্যোৰহাট জিলাৰ লগতে সাত জিলাত এক সপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতি হ’ল চৰকাৰৰ । ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন নীতি–নিৰ্দেশনা ঘোষণা কৰিছে। সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নতুন নিৰ্দেশনা ঘোষনা কৰি ‘‘এইবাৰ এছ অ পি তিনিটা ভাগত ভাগ কৰা হৈছে। বুলি উল্লেখ কৰে । ৭খন জিলাত এক সপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা জিলাকেইখন হ’ল যোৰহাট গোৱালপাৰা, গোলাঘাট, , লখিমপুৰ, শোণিতপুৰ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। এই সাত দিনত অত্যাৱশকীয় সেৱা আৰু গেলামালৰ দোকান ৫ বজালৈ খোলা থাকিব।’’ইয়াৰূউপৰিও১৬ জিলাত শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং জিলাত আৱেলি ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা কৰা হৈছে ।পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।
আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীন ভাৱে চলি থাকিব। সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কাম-কাজ, চাহ বাগিচাৰ নিয়মীয়া কাম-কাজ ক’ভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব। বিবাহৰ ক্ষেত্ৰত পূৰ্বৰ এছ অ’ পিয়েই বাহাল থাকিব।ক’ভিড বিধি মানিবলৈ ৰাজ্যবাসীক স্বাস্থ্য মন্ত্ৰীৰ আহ্বান।
