
আজিৰ খবৰ,৬ জুলাই : ৰাজ্যৰ কেইখনমান জিলাত কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও বহু কেইখন জিলাত কাল কৰোনাৰ ভয়াবহ এতিয়াও হ্ৰাস হোৱা নাই । ৰাজ্যৰ সাত খন জিলাত জটিল ৰূপ ধাৰণ কৰিছে কোভিদে । কৰোনাৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে আজি পুনৰ ঘোষণা কৰিছে কোভিডৰ নতুন এচ অ’ পি। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা নতুন এচ অ’ পি।অনুসৰি কাইলৈ (৭ জুলাই)ৰ পৰা পৰৱৰ্তী এসপ্তাহৰ বাবে যোৰহাট, গোৱালপাৰা, গোলাঘাট, মৰিগাঁও, বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰত সাতদিনলৈ সম্পূৰ্ণ কনটেইনমেণ্ট ঘোষণা।১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ ধুবুৰী, কামৰূপ(মহানগৰ), দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকাণ্ডিত সান্ধ্য আইন ঘোষণা । ১৬ জিলাত আৱেলি ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ(শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং)। ইফালে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি চোকা নজৰ থাকিব প্ৰশাসনে । প্ৰতিখন জিলাতেই পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব।
আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীন ভাৱে চলি থাকিব।অন্যহাতে সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কাম-কাজ, চাহ বাগিচাৰ নিয়মীয়া কাম-কাজ ক’ভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব।ৰাজহুৱা অনুষ্ঠান আৰু বিবাহৰ ক্ষেত্ৰত পূৰ্বৰ এছ অ’ পিয়েই বাহাল থাকিব। অধিক সংক্ৰমন সংখ্যা বৃদ্ধি পোৱা জিলাত কনটেইনমেণ্ট জ’ন ঘোষণা কৰিবলৈ জিলা উপায়ুক্তসকলক দায়িত্ব। দিয়া হৈছে স্বাস্থ্য মন্ত্ৰীয়ে । ক’ভিড বিধি মানিবলৈ ৰাজ্যবাসীক স্বাস্থ্য মন্ত্ৰীৰ আহ্বান।
