Your Voice, Our Strength

আহি আছে ভাল খবৰ……

মোদী মন্ত্ৰীসভাত স্থান লাভৰ ইংগিত সৰ্বানন্দ সোণোৱালৰ নাম

আজিৰ খবৰ,৬ জুলাই : কিছু সময়ৰ পাছতে আহিব পাৰে ভাল খবৰটো । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা প্ৰায় নিশ্চিত হৈছে ।আজিৰ দিনটোৰ ভিতৰতে কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ সম্ভাৱনা ।এই ৪৮ ঘণ্টাত কেবিনেটৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ব পাৰে। জানিব পৰা মতে এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ কেইবাজনো বিজেপি নেতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) মন্ত্ৰীসভাত ৫৩ জন মন্ত্ৰী আছে, যাক ৮১ লৈ বৃদ্ধি কৰিব পাৰে। সম্ভাৱ্য নেতাসকলক দিল্লীলৈ মাতি অনাৰ খবৰ আহিছে। মধ্য প্ৰদেশৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আজি আবেলি দিল্লীত উপস্থিত হ’ব। মঙলবাৰে আবেলি ৩ বজাৰ ভিতৰত দেশৰ ৰাজধানীত উপস্থিত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মোদী মন্ত্ৰীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈছে যদিও তেওঁক কি দপ্তৰ দিয়া হ’ব সেয়া এতিয়াও এই বিষয়ে কোনো জ্ঞাত নহয় । মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ নেতা নাৰায়ণ ৰাণেও আজি আবেলি দিল্লীত উপস্থিত হ’ব। ইফালে, কেন্দ্ৰীয় কেবিনেটত যোগদান কৰিব বিচৰা তেওঁৰ দলৰ অনুপ্ৰিয়া পেটেলকো মাতি অনা হৈছে দিল্লীলৈ ।

P&C
You might also like