Your Voice, Our Strength

‘আজি মোৰ মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰা যেন লাগিছে’ : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ২০০ খন বিছনা যুক্ত আই চি ইউ যুক্ত কোভিড চিকিৎসালয়।

আজিৰ খবৰ, গুৱাহাটী, ৬ জুলাই :

আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত ২০০ খন ICU বিছনা যুক্ত কোভিড হস্পিতাল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৮৯৬ গৰাকী ষ্টাফ নাৰ্চক নিযুক্তি প্ৰদান কৰে।

P&C

এই অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগক ৰাজ্যৰ ৮ খন চিকিৎসা মহাবিদ্যালয় হস্পিতালত অত্যাধুনিক (ই চি এম অ) মেচিন স্থাপনৰ বাবে নিৰ্দেশ প্ৰদান কৰে। লগতে ৰাজ্যৰ বিভিন্ন দুৰ্গম অঞ্চলৰ ৰোগী সকলৰ চিকিৎসাৰ বাবে ২গৰাকী চিকিৎসক আৰু ৪ গৰাকী নাৰ্চ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

গুৱাহাটীত কোভিড নীতি শিথিল কৰাৰ পিছতে কোভিডৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিখন জিলাত এটাকৈ বেংক অব অক্সিজেন কনচেন্ট্ৰেটৰৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ।

শিশু সকলৰ নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ লগতে covid পৰিস্থিতিৰ বাবে বঞ্চিত হব লগা শিশু আৰু গৰ্ভৱতী মহিলা সকলক মিছন ইন্দ্ৰধনুৰ অধীনত পুনৰ কাম আৰম্ভ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰীয়ে।

যোৱা ১০ দিনত কোভিড ৰোগীৰ সংখ্যা কমাব পৰা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ অসমত ১১৯১টা ICU মজুত আছে। আজি মই লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে গৰ্ব অনুভৱ কৰিছো। ICUৰ বাবে মানুহে চটফটাই থাকিব লগা হয়। 8খন মেডিকেল কলেজত একম’ মেচিনৰ ব্যৱস্থা কৰিম। কোভিড এতিয়াও শংকাজনক হৈ আছে।’’

You might also like