Your Voice, Our Strength

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰব বিৰোধী

বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনাই মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

আজিৰ খবৰ,১৩ জুলাই : পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনটোতেই উত্তাল পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিক লৈ বিৰোধী সদস্যসকলে হাতে হাতে প্লেকার্ড প্রদর্শন কৰি সদনৰ পৰা ওলাই আহি সদনৰ বাহিৰতো হাতত প্লেকার্ড লৈ প্রতিবাদমুখৰ হৈ পৰাৰ সময়তে সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টো যিহেতু ৰাজ্য চৰকাৰৰ অধীনস্থ নহয়, আন্তর্জাতিক বজাৰৰ মূল্যৰ ওপৰতহে নির্ভৰশীল, সেয়ে বিৰোধীয়ে উত্থাপন কৰা সদনৰ প্রস্তাৱৰ লগতে বিৰুদ্ধাচৰণ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই । মন্ত্ৰী গৰাকীয়ে কয় পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাটো আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে।বিৰোধী দলে প্ৰথমতে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ পেট্ৰল ডিজেলৰ মূল্যৰ খবৰ ৰাখক,তাৰ পাছত বিজেপি শাসিত অসমৰ কথা কওঁক।। বিজেপিৰ দিনতে আটাইতকৈ প্ৰেট্ৰল ডিজেলৰ মূল্য কম বুলি কোৱাৰ লগতে হাজৰিকাই কয় আজিৰ তাৰিখত কংগ্ৰেছ আৰু তেঁওলোকৰ মিত্ৰ দলৰ শাসিত ৰাজ্য মহাৰাষ্ট্ৰৰ মুম্বাইত পেট্ৰল আৰু ডিজেলৰ দাম হৈছে ক্ৰমে ১০৭.২০ টকা আৰু ৯৭.২৯ টকা আৰু অৰবিন্দ কেজৰিৱালৰ আম আদমী দলৰ শাসিত ৰাজ্য দিল্লীত ক্ৰমে ১০১.১৯ আৰু ৮৯.৭২ টকা,কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থানৰ জয়পুৰত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০৮.০৩ আৰু ৯৮.৮৫ টকা। অন্যহাতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শাসিত ৰাজ্য পশ্চিমবংগৰ কলকাতাত আজিৰ তাৰিখত পেট্ৰল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০১.৩৫ আৰু ৯২.৮১ টকাৰ বিপৰীতে আজিৰ তাৰিখত অসমৰ গুৱাহাটী চহৰত পেট্ৰল আৰু ডিজেলৰ মূল্য ক্ৰমে ৯৬.৯৮ আৰু ৮৯.০৫ টকা বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । অসমেই প্ৰথমখন ৰাজ্য যি পেট্ৰল আৰু ডিজেলৰ ওপৰত লগোৱা ক’ভিড কৰ উঠাই লৈছিল বুলি মন্তব্য কৰাৰ লগতে বিৰোধী দলসমূহক ৰাইজক বিপথে পৰিচালনা নকৰিবলৈ আহ্বান জনাই মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

P&C
You might also like