
ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱাল
আজিৰ খবৰ,১৩ জুলাই : মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (CCPA)ত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোদী মন্ত্ৰীসভাৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে ।
সোমবাৰে পুনৰগঠন কৰা কেবিনেট কমিটীত সোণোৱালৰ অংশগ্ৰহণে অসমৰ প্ৰতি যে মোদী চৰকাৰৰ গুৰুত্ব আছে তাকেই প্ৰমাণ কৰিলে মোডী চৰকাৰে । উল্লেখ্য যে পূৰ্বে একে বিভাগৰ মন্ত্ৰীসকলক CCPAত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

এইবাৰ কেবিনেটত আটাইকেইটা বিভাগৰ মন্ত্ৰীক প্ৰথমবাৰৰ বাবে CCPAত অন্তৰ্ভুক্ত কৰা হৈছে।
উত্তৰপূবৰ আন এগৰাকী দক্ষ মন্ত্ৰী, আইন মন্ত্ৰী কিৰেন ৰিজিজুকো প্ৰথমবাৰৰ বাবে CCPAত অন্তৰ্ভুক্ত কৰা হৈছে। ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জূন মুণ্ডাকো এই কমিটীত স্থান দিয়া হৈছে। ৰবি শংকৰ প্ৰসাদৰ ঠাইত ৰিজিজুক আৰু প্ৰকাশ জাভড়েকাৰৰ ঠাইত অনুৰাগ ঠাকুৰক স্থান দিয়া হৈছে। সৰ্বানন্দ সোণোৱালৰ উপৰিও কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাগৰাকীও যুৱ কেবিনেট মন্ত্ৰীক।