Your Voice, Our Strength

যুৱক-যুৱতীৰ যৌনাঙ্গ কাটি কৰা হৈছে ট্ৰেন্সজেণ্ডাৰ

অসমত ভয়ংকৰ ট্ৰেন্সজেণ্ডাৰ ৰেকেট

আজিৰ খবৰ ১৪ জুলাই: কিডনী ব্যৱসায়ীৰ পাছতেই আন এক এক ভয়ংকৰ খবৰে জোকাৰিছে ৰাজ্য । অস্ত্ৰোপচাৰ দ্বাৰা তৃতীয় লিংগলৈ ৰূপান্তৰিত কৰা খবৰে এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে অসমত । অসমত শেহতীয়াকৈ ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ এটা ভয়ংকৰ ৰেকেট উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে দৰিদ্ৰ শিশু আৰু যুৱক-যুৱতীৰ যৌনাঙ্গ কাটি তেওঁলোকক ট্ৰেন্সজেণ্ডাৰ কৰে । যাক স্থানীয়ভাৱে ‘কিন্নৰ’ বুলি কোৱা হয়। এই ভয়ঙ্কৰ ৰেকেটটোক দেশৰ ৰাজধানী দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰা হয় বুলি জানিব পৰা গৈছে । বিভিন্ন কৰ্ম সন্ধানত যোৱা

বহু দুখীয়া ল’ৰা-ছোৱালীক দিল্লীত অস্ত্ৰোপচাৰৰ দ্বাৰা তৃতীয় লিংগলৈ ৰূপান্তৰিত কৰি কিন্নৰ সজাই অসমলৈ প্ৰেৰণ কৰা হয় আৰু ভিক্ষাৰ বাবে অসমৰ বজাৰত মোকোলাই দিয়া হয় এই ভয়ংকৰ ট্ৰেন্সজেণ্ডাৰ ৰেকেটোৱে । গোটেই ট্ৰেন্সজেণ্ডাৰ ৰেকেটটোৰ লগত পিঙ্কি নামৰ এগৰাকী ব্যক্তি

P&C

জড়িত থকাৰ চাঞ্চল্যকৰ কথা ট্ৰেন্স এক্টিভিষ্ট আৰু অধিবক্তা স্বাতী বিধান বৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে । ইতিমধ্যে পানবজাৰ মহিলা আৰক্ষী থানাৰ বিষয়াসকলে এই ৰেকেটৰ সৈতে জড়িত ৬ জন ট্ৰেন্সজেণ্ডাৰক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী ‘কিন্নৰ’ সম্প্ৰদায়েও এই সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে ।

You might also like