Your Voice, Our Strength

মোহনবাৰী বিমান বন্দৰত ভূমি পূজন।

ডিব্ৰুগড় বিমান বন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ, একত্ৰীকৰণ আৰু পুনৰ-কাৰ্পেটিং

আজিৰ খবৰ, ডিব্ৰুগড়, ১৬ জুলাই: আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ, একত্ৰীকৰণ আৰু পুনৰ-কাৰ্পেটিং প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়। ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা, ভাৰতীয় সেনাৰ কৰ্ণেল অমিত বানোৱাল, ডিব্ৰুগড় বিমান বন্দৰৰ সঞ্চালক ৰামজী অৱস্তিৰ উপস্থিতিত ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে ডিব্ৰুগড় বিমান বন্দৰৰ ৰানৱেৰ দৈৰ্ঘ্য ১৮৩০ মিটাৰ পৰিবৰ্তে ২২৯০ মিটাৰলৈ সম্প্ৰসাৰিত হব। মুঠ ব্যয় হব ৩৫ কোটি টকা। ৰানৱেৰ ছোৱাৰ সম্প্ৰসাৰণৰ ফলত বিমানৰ নৈশ অবতৰণৰ লগতে যিকোনো বৃহৎ বিমানৰ অবতৰণ সম্ভৱ হৈ উঠিব। ইয়াৰ লগে লগে প্ৰকৃত অৰ্থত আন্তজাৰ্তিক বিমান বন্দৰৰ মৰ্যাদা লাভ কৰিব । ২০২২ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এই ৰানৱেছোৱাৰ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে ।

P&C
You might also like