Your Voice, Our Strength

ডিগবৈ আৰক্ষীৰ চকুত ধুলি দি চোৰৰ মুক্ত বিচৰণ

নিশা চহৰৰ মাজমজিয়াৰ পৰা চুৰে নিলে গাড়ী

আজিৰ খবৰ, ডিগবৈ, ১৬ জুলাই : ডিগবৈ আৰক্ষীৰ চকুত ধুলি  দি চহৰখনত নিশা গাড়ী চোৰৰ মুক্ত বিচৰণ । চহৰ খনৰ মাজ মজিয়াৰ পৰা নিশা চোৰে নিলে গাড়ী । চহৰ খনৰ মাকুম মটৰ্চ নামৰ পেট্ৰল ডিপু টোৰ চৌহদত ৰখাই থোৱা পদ্মা গগৈ ৰ এ এচ ২৩ আৰ ৪২৯৪ নম্বৰৰ ভান খন চোৰে লৈ যায় । তেলডিপুটোৰ কাষতে থকা পদ্মা গগৈয়ে দৈনিক ডিপুটোৰ চৌহদতে গাড়ীখন থয় । কিন্তু আজি পুৱা গাড়ীখন নেদেখি পদ্মা পৰিয়ালটোত হাহাকাৰ লাগে । চহৰখনৰ বহু পৰিয়ালৰ নিজৰ গাড়ীখন থোৱাৰ ঠাইৰ অভাৱত পথৰ কাষত বা তেল ডিপুৰ চৌহদতে থয় । বৰ্তমান চোৰৰ উপদ্ৰৱত এইসকল পৰিয়াল চিন্তিত হৈ পৰিছে । ইপিনে আৰক্ষী ৰ এটা দলে নিশা টহল দি থকাৰ পাছতো চোৰে নিবিঘ্নে কেনেকৈ চহৰখনৰ মাজমজিয়াৰ পৰা গাড়ী নিবলৈ সক্ষম হ’ল বুলি প্ৰশ্ন উঠিছে ।

You might also like