Your Voice, Our Strength

মূল্য বৃদ্ধিৰ জুই ,জীয়াই থকাৰ সম্বল হেৰুৱাইছে দৰিদ্ৰ জনতাই

মূল্যবৃদ্ধি ৰোধ কৰিবৰ দাবী বহুবাক"ৰ

আজিৰ খবৰ,১ জুলাই : অত্যাবশ্যকীয় খাদ্য সামগ্রী, ইন্ধন-ৰন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ জুইয়ে একপ্ৰকাৰৰ সকলোকে কোঙা কৰি পেলাইছে । এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ পৰিছে চৰকাৰ এই অভিযোগ বহুবাক, সচেতন মঞ্চৰ । এফালে কাল কৰোনাৰ ধ্বংস যজ্ঞ আনফালে চাউল, দালি, আলু, পিঁয়াজ, আটা, মিঠাতেল, ৰিফাইন আদি অত্যাবশ্যকীয় খাদ্য সামগ্রী, পেট্রোল- ডিজেল, ৰন্ধন গেছ,ঔষধ আদিৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ মানুহক জুৰুলা কৰি তুলিছে। নিৰ্বাচানৰ সময়ত বৰ্তমানৰ ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি, অগপ, ইউ পি পি এল মৰ্চা চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল, সেয়া সম্পূর্ণ ব্যৰ্থ হৈছে । “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- মহামাৰী কৰ’ণাৰ বাবে সমগ্র ৰাজ্যৰ সৰ্বাধিক সংখ্যক জনসাধাৰণৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থালৈ ৰূপান্তৰিত হৈছে। কৃষক, শ্ৰমিক, ব্যক্তিগত খণ্ডত কৰ্মৰত লোক, মজদুৰ আদিৰ জীৱনলৈ অমানিশা নামি আহিছে। চৰকাৰে এইক্ষেত্ৰত যথোচিত ধৰণেৰে গুৰুত্ব দিব লাগে। অনতিবিলম্বে সকলো ধৰণৰ অত্যাবশ্যকীয় সামগ্রী লগতে পেট্রোল- ডিজেল আদিৰ দাম ৰোধ কৰি ৰাইজক জীয়াই থকাৰ সকাহ দিয়াৰ দাবী জনাই। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- দাল- দৰিদ্ৰ, দুখীয়া, মধ্যবিত্ত ৰাইজৰ পিনে চাই চৰকাৰে সকলো ধৰণৰ মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিব লাগে। জীয়াই থকাৰ সম্বল যেন হেৰাই পেলাইছে সাধাৰণ জনতাই ।। মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধিয়ে চৰকাৰে অতিশীঘ্রেই মূল্যবৃদ্ধি ৰোধ কৰিবৰ দাবী জনাই।

P&C
You might also like