Your Voice, Our Strength

১০ বছৰ আগতেই ড্ৰাগছৰ বিৰুদ্ধে চলিব লাগিছিল অভিযান : ড্ৰাগছক লৈ কি ক’লে জুবিন গাৰ্গে….

আজিৰ খবৰ ১৭ জুলাই: সুস্থ সমাজ আৰু সমৃদ্ধিশালী দেশ গঢ়িবলৈ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে । চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে প্ৰশংসা কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে ।। জুবিনে কয় অসম আৰক্ষীয়ে ভাল কাম কৰিছে। এনে অভিযান সদায় চলিব লাগে। ১০ বছৰ পূৰ্বেই ড্রাগছ বিৰোধী অভিযান চলিব লাগিছিল বুলিও মন্তব্য কৰিছে জুবিন গাৰ্গৰ। কণ্ঠশিল্পীগৰাকীয়ে কয়, “নতুন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান হাতত লৈছে, সেয়া এক ডাঙৰ পদক্ষেপ। এই অভিযান আচলতে ১০ বছৰ আগতেই হোৱা উচিত আছিল। হ’লেও এতিয়া আৰম্ভ হৈছে, এনে অভিযান সদায় চলিব লাগে। এই অভিযানৰ ফলত ড্ৰাগছৰ পৰা যুৱপ্ৰজন্মক আমি ৰক্ষা পাৰিম বুলি জুবিন গাৰ্গে মন্তব্য কৰে ।

You might also like