Your Voice, Our Strength

প্ৰেমৰ এক কথামালা,“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত… ধাৰাবাহিক পত্ৰোপন্যাসঃৰ দ্বিতীয় খণ্ড ..

ধাৰাবাহিক পত্ৰোপন্যাসঃ
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
—— অৰুণাভ

👉 আগৰ খণ্ডৰ পৰা — ঐ !! কথা এটা কওঁ !! তোমাৰ নূপুৰৰ শব্দবোৰ খুলি ৰাখিবা ! প্ৰেমিক চৰাইজনীৰ ঠোঁটত পাৰিলে গুজি দিবা ! যদিহে সূৰ্য্যাস্তৰ সন্ধান নিদিয়া ০০০ তাই মোৰ খিৰিকীমুখলৈ আহে প্ৰতি সন্ধিয়া০০০ !!

P&C

—– দ্বিতীয় খণ্ড —–

শূন্যতাত কি অঁকা থাকে ? কিমান শূণ্যতাই ভৰাই পেলাব পাৰে বিশাল আকাশ ? শূণ্যতাকে সাৱটি কুৰিটা বছৰ কটাব পাৰেনে কোনোবা প্ৰেমিকেে ? প্ৰেমে শূণ্যতাক ঘৃণা কৰে ? তোমাৰ প্ৰেমৰ পাৰাপাৰহীন সমুদ্ৰ সাঁতুৰি নাদুৰি কুৰিটাকৈ বছৰেও অক্লান্ত প্ৰেমিকৰ অপৰাজেয় আন্দোলিত আকাশত উৰি থকা চৰাইটোৱে এদিন ভৰ দূপৰীয়া সূৰ্য্যটো খুটিয়াই খুটিয়াই উত্তাপবোৰ গিলিব নোৱাৰাৰ দুখত কাণে কাণে কৈছিল সেই কথা ! আকাশত উৰি থাকোতেই সি হেৰুৱাইছিল প্ৰমিক চৰাইজনী৷ সূৰ্য্যটোৰ উত্তাপত গলি গলি নিঃশেষ হৈ গৈছিল শূণ্যতা ফালি আকাশত বিচাৰি ফুৰোঁতে বতাহত নকঁপা গছৰ পাত৷ সুখৰ সন্ধিয়াবোৰত বতাহত কঁপিছিল সিহঁতৰ এহালি মৌ মাত৷ সেই সন্ধিয়াৰে পৰা বতাহত নকঁপা গছৰ পাত বিচাৰি শূণ্য আকাশৰ বুকুত মেলিছিল দুপাখিৰ দুঃসহ মিছিল৷ প্ৰেমিক চৰাইজনীয়ে দি যোৱা শূণ্যতাক সাৱটি চৰাইটোৱে আঁকিছিল বেলিটো কুটি খুটি গিলি পেলোৱাৰ হেঁপাহ ! হেঁপাহৰ শূণ্যতা ! চৰাইটোক কোনেবা কৈছিল — প্ৰেমে শূণ্যতাক ঘৃণা কৰে ০০০০? সোধা নহ’ল সেই কথা৷ মাথোঁ সূৰ্য্যাস্তৰ ঠিকনা বিচাৰি বিচাৰি দুখ দিহিঙৰ দুয়ো পাৰ এৰি দিব নালাগে বিষাদৰ কহুঁৱা ফুলিবলৈ আৰু শূণ্যতাৰ স্কেছ আঁকিবলৈ —- মোক কৈ গ’ল কাণে কাণে এই কথা ৷ প্ৰেমে হেনো শূণ্যতাক ঘৃণা কৰে ০০০০০৷
বাহিৰত ধুমুহা -গাজনিৰে বৰষুণৰ আয়োজন চলিছে৷ দুখ – ক্ষোভ – অভিমানৰ বৃন্দগানেৰে বুকুৰ পৰা এসোতা শোক উজাই আহিবলৈ লোৱাৰ দৰেই০০০০! খিৰিকীখন খুলি ৰাখিছো৷ নিমন্ত্ৰণ নিদিওঁ, আহে যদি আহওঁক বৰষুণৰ চিটিকণিবোৰ৷ উজাই অহা এসোঁতা শোকে জগাব পৰা নাই দুচকুৰ গৰ্ভত চকুলোৰ ভ্ৰুণ! কিমানবাৰ নামি আহিছে অপৈণত ভ্ৰুণৰ মিছিল! আজি নিমন্ত্ৰণ নিদিওঁ থাকওঁক ! শূণ্যতাৰেই সজাওঁঁ সূৰ্য্যস্তৰ সন্ধানত কুৰি বছৰীয়া অক্লান্ত মিছিল৷ বৰষুণৰ টোপালবোৰ সৰিছে টপ টপ টপ টপ ০০০০ এন্ধাৰবোৰ শূণ্যতাৰ কামিজৰ পৰা নামিছে০০০০ বৰষুণত প্ৰেমৰ তুলিকা লৈ সেয়া কোনে সূৰ্য্যাস্তৰ ৰংবোৰ বুলাইছে ! ৰিমঝিম, ৰিমঝিম ০০০ সেইয়া তোমাৰ নূপুৰৰ শব্দই মোক সাৱটিছে ০০০০০ !! তুমি কথা দিবানে কাইলৈ সূৰ্য্যাস্তৰ সাক্ষী হ’ম বুলি ? সূৰ্য্যাস্তৰ ঠিকনা লিখি খিৰিকীমুখতে ৰাখিবা তুমি হেঁপাহৰ চিঠিখনি ৷ শুক্লেশ্বৰ ঘাট , চিত্ৰলেখা উদ্যান, জাঁজীমুখ, দিচাংমুখ ০০০ লুইত খাবলু, টেকেলিফুটা, অফলামুখ০০০ ৷ সূৰ্য্যাস্তৰ সন্ধানত কুৰি বছৰীয়া দুৰ্বিষহ দুনিৰ্বাৰ যাত্ৰাৰ সমাধিত বহি লিখিম এপিটাফ ০০০ !
নীলা, মোৰ প্ৰেমিক চৰাইজনী জিৰাবলৈ আছে জানো তোমাৰ খিৰিকী উন্মুখ ! তুমি জানো আঁকা শূন্যতাত ৰামধেনুৰ ছবি ? তোমাৰ খিৰিকীমুখত থাকেনে ৰৈ বৰষুণৰ স্বপ্নত বিভোৰ চৰাইৰ জাক এটা কিছিৰ মিছিৰ কৰি ??
ঐ০০০০০ আৰু এটা কথা! নুপূৰৰ শব্দবোৰ খুলি ৰাখিবা৷ প্ৰেমিক চৰাইজনীৰ ঠোঁটত পাৰিলে কেতিয়াবা গুজি দি পঠাবা, যদিহে সূৰ্য্যাস্তৰ ঠিকনা নিদিয়া ( তৃতীয় খণ্ড পঢ়িবলৈ পাব অহা দেওবাৰে )

You might also like