Your Voice, Our Strength

এটা নিজান ৰেল ষ্টেচন।

দিনৰ শেষ ৰেলখনেও প্লেটফৰ্ম এৰিলে।

নিজান ৰেল ষ্টেচন। দিনৰ শেষ ৰেলখনেও প্লেটফৰ্ম এৰিলে। এগৰাকী বৃদ্ধা তেতিয়াও ষ্টেচনত বহিয়েই আছে। পিছদিনাহে পিছৰ ৰেলখন আহিব সেইকথা সেই বৃদ্ধা গৰাকী অবগত নহয়। এজন কুলিৰ চকু পৰিল সেই বৃদ্ধা গৰাকীৰ ওপৰত।

– মা আপুনি কলৈ যাব?

P&C

– দিল্লীলৈ যাম বাবা পুত্ৰৰ কাষলৈ।

– মা আজি আৰু ৰেল নাই নহয়।

– বৃদ্ধা গৰাকীৰ অসহায় দৃষ্টি। কুলি জনৰ বোধহয় দয়া উপজিল।

-মা মই আপোনাক ওয়েটিং ৰুমত থৈ আহোঁগৈ বলক। আহক মোৰ লগত।

-কি আৰু কৰিম বলা।

-আপোনাৰ লৰা দিল্লীত থাকে নহয় জানো?

-হয় বাবা।

-কি কৰে?

-ৰেল বিভাগত কিবা এটা কাম কৰে।

-নামটো কওঁকচোন যোগাযোগ কৰিবলৈ চেষ্টা কৰিম।

-অ মোৰ পুত্ৰৰ নাম লাল। সকলোৱে তাক লাল বাহাদুৰ শাস্ত্ৰী বুলি মাতে।

সেই সময়ত লাল বাহাদুৰ শাস্ত্ৰী ভাৰতীয় ৰেলৱেৰ কেবিনেট মন্ত্ৰী। মুহূৰ্ততে গোটেই ষ্টেচনতে তোলপাৰ লাগি গ’ল। কিছু সময়ৰ পিছতেই (চেলুন কাৰ) ষ্টেচনলৈ আহি গ’ল। বৃদ্ধা গৰাকী অবাক হৈ গ’ল। তেওঁৰ লৰাৰ ইমান ক্ষমতা।

লাল বাহাদুৰ শাস্ত্ৰীয়েতো এইবোৰ একো গমেই পোৱা নাছিল। সমস্ত আয়োজন কৰিছিল ৰেল বিভাগে। শেষত এটাই কথা, এনেকুৱা মাক হলেহে পুত্ৰও তেনেকুৱা হয়।

এনেকুৱা নেতা এতিয়া দুৰ্লভ। এখেতে ক্ষমতা প্ৰতিপত্তিৰ কাৰণে এই পদত বহা নাই, এখেতে পদটোত বহি সোণত সুৱগা চৰাইছে।

ৰেল বিভাগে (চেলুন কাৰত) মাকক লৈ গৈ পুতেকৰ লগত লগলগাই দিলে। লৰাজনক দেখা পোৱাৰ পিছত মাকে সুধিলে – “লাল তুমি ৰেলত কি কাম কৰানো, এওঁলোকে মোক সুধিছিল – মইতো একো কবই নোৱাৰিলো।

পুতেকে তেতিয়া ক’লে-সৰু চাকৰি এটা কৰোঁ মা।

লাল বাহাদুৰ শাস্ত্ৰী ৰেলমন্ত্ৰী যে আছিল সেইকথা মাকক কেতিয়াওঁ কোৱা নাছিল। কেৱল কৈছিল যে তেওঁ ৰেল বিভাগত চাকৰি কৰে। সময় বাগৰি গৈ থাকিল। এদিনাখন মাক থকা চহৰ খনৰ ওচৰতে ৰেল বিভাগৰ সভা এখন হ’ ল। সভালৈ ৰেলমন্ত্ৰী হিচাপে ভাষণ দিবলৈ লাল বাহাদুৰ শাস্ত্ৰী আহিল। মাকে কিবা সূত্ৰেৰে গম পালে যে তেওঁৰ ৰেল বিভাগত কাম কৰা লৰাটো সেই সভালৈ আহিব। মাকে লৰালৰিকৈ লৰাক চাবলৈ সভাস্থলীত ওলালেগৈ। দুই এজনক সুধোঁতে, ইকিজনে সুধিলে কাক বিচাৰি আহিছে আপুনি – মাকে তেতিয়া ক’লে যে “মোৰ লৰাক লগ কৰিবলৈ আহিছোঁ”।

সকলোৱে তেওঁৰ লৰাৰ নাম সোধাত নামটো কোৱাত সকলোৱে উচপ খাই উঠিল আৰু ভেঙুচালি কৰিবলৈ ধৰিলে। তেনেতে কেইজনমানে মাকক লাল বাহাদুৰ শাস্ত্ৰীৰ ওচৰলৈ লৈ গ’ ল আৰু তেখেতক দেখুৱাই সুধিলে সেইজনেই তেওঁৰ পুত্ৰ নেকি? মাকেও তৎক্ষণাত হয় বুলি ক’ লে। মাকক দেখি লাল বাহাদুৰ শাস্ত্ৰীয়েও কাষলৈ মাতি নি বহিবলৈ দিলে আৰু কিছু সময়ৰ পিছত ঘৰলৈ পঠিয়াই দিলে।

সাংবাদিকে পৰিস্থিতি দেখি হতবাক হ’ল আৰু প্ৰশ্ন কৰিলে- আপুনি মাৰ ওচৰত ভাষণ কিয় আৰম্ভ নকৰিলে?

উত্তৰত তেওঁ ক’লে যে মাৰ ওচৰত মই ভাষণ এই কাৰণেই নিদিলোঁ, কিয়নো ভাষণ দিলে মায়ে গম পাই যাব যে মই প্ৰকৃততে এজন ৰেল মন্ত্ৰীহে। মায়ে তেতিয়া হয়তো জনা শুনা বহুতৰে চাকৰিৰ সুবিধা কৰি দিবলৈ মোৰ ওচৰলৈ আহিব। যিটো মই কৰিব নিবিচাৰো আৰু মাৰ কথাওঁ পেলাব নোৱাৰিম। হয়তো মাৰ অহংকাৰো হ’ ব পুতেক মন্ত্ৰী বুলি।

সকলোৱে এই কথা শুনি নিশ্চুপ হৈ ৰ’ল।

এই মহানতাৰ বাবেই চুটি চাপৰ মানুহজনে গৌৰৱ স্তম্ভৰ শীৰ্ষত উঠিব পাৰিছিল।

You might also like