Your Voice, Our Strength

আৰক্ষী বিভাগত নিযুক্তি প্ৰশিক্ষণ শিবিৰৰ আয়োজন

নিবনুৱাৰ কাষত ডিগবৈ প্ৰেছ ক্লাব।

আজিৰ খবৰ, ডিগবৈ, ২০ জুলাই : ১৯৯০ চনতে গঠিত ডিগবৈ প্ৰেছ ক্লাবে বিভিন্ন সামাজিক প্ৰদক্ষেপ গ্ৰহণ কৰি সাধাৰণ জনসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ সময়তেই ৰাজ্য চৰকাৰে এক লাখ চাকৰি প্ৰদানৰ আঁচনি ঘোষণা কৰাৰ পিছত নিবনুৱা সকলক সকাহ দিয়াৰ উদ্দেশ্যৰে ডিগবৈ প্ৰেছ ক্লাবৰ উদ্যোগত মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত ডিগবৈ বিভিন্ন অঞ্চলত আৰক্ষী বিভাগত নিযুক্তি প্ৰশিক্ষণ শিবিৰ অঞ্চল ভিত্তিত মুকলি কৰা হয়। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া তথা ভাৰতীয় আৰক্ষী সেৱা ( আই পি এছ) প্ৰাৰ্থ প্ৰতীম দাসৰ তৎপৰতাত বৰ্তমান প্ৰাৰম্ভিক প্ৰশিক্ষণৰ আৰম্ভ কৰা হয়। ডিগবৈ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে আঁত ধৰা প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া প্ৰাৰ্থ প্ৰতীম দাস, ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক কুমাৰ দত্ত, গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক ভূৱন চন্দ্ৰ হাজৰিকা, থানা সমিতিৰ সভাপতি ধীৰাজ গগৈ উপস্থিত থাকি নিৱনুৱা যুৱক- যুৱতী সকলক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা, প্ৰাক্তন সভাপতি ৰমনি বুঢ়াগোহাঁই, সাংবাদিক হীৰা ফুকন, দিপাংকৰ শৰ্মা, খগেশ্বৰ বৰুৱা, দীপেন শইকীয়া আদি উপস্থিত থাকে। অতি কম সময়ৰ ভিতৰত ডিগবৈ জুবিলি খেলপথাৰত কেন্দ্ৰীয়ভাৱে আৰক্ষী বিভাগত নিযুক্তিৰ যাৱতীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি প্ৰেছ ক্লাবৰ সম্পাদক মনোৰঞ্জন দাসে জানিব দিয়ে।

You might also like