Your Voice, Our Strength

গাড়ীগাঁৱ , জালুকবাৰীত ঘৰতে পঢ়িলে ঈদ-উদ – জোহাৰ নামাজ

আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগ আৰু ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পৰিগণিত হৈ অহা ঈদ – উদ – জোহাৰ” সমূহীয়া নামাজ এইবেলি কতো সম্পন্ন নহল ক’ভিড মহামাৰীৰ বাবে । ক’ভিডৰ গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে গাড়ীগাঁৱ , জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোক সকলে আজি পুৱা নিজ ঘৰতে তাকো সামাজিক দূৰত্ব বজাই ৰাখি নামাজ আদায় কৰে । অৱশ্যে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি উত্তৰ জালুকবাৰী বুঢ়া মছজিদত মছজিদৰ ইমাম হাফিজ আজিজুৰ ৰহমানে ইমামতি কৰা নামাজত মাত্ৰ পাঁচজন ব্যক্তি ক্ৰমে আতিন আলী , আবুল আলী , ৰাণা আলী , আছিফ ইকবাল আৰু ৰেকিবুদ্দিন আলীয়ে ভাগ লয় । এই সন্দৰ্ভত গাড়ীগাৱ ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইন , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে বিগত ২০২০ বর্ষতো ক’ভিড মহামাৰীৰ বাবে নিজ ঘৰতে সকলোৱে পৰিয়ালৰ সদস্য সকলৰ সৈতে নামাজ আদায় কৰিছিল । একেদৰে আজিও ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে নিজ ঘৰতে সকলোৱে নামাজ আদায় কৰিব লগীয়া হয় । অৱশ্যে মহান আল্লাই মানৱ জাতিৰ বাবে অতি শীঘ্ৰেই ভাল দিন আনিব বুলিও দুয়োজন কৰ্মকর্তাই সদৰি কৰি সকলোৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি নিজ ঘৰতে নামাজ আদায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

P&C
You might also like