Your Voice, Our Strength

৫০ শতাংশ ভাড়া বৃদ্ধিৰে পুনৰ আৰম্ভ হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : ৰাজ্যত ভয়াবহ ভাবে কোভিড সংক্ৰমণ বৃদ্বি পোৱাৰ ফলত বিগত তিনিমাহ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ

ৰ’পৱে সেৱা পুনৰ মুকলি কৰা হৈছে । গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা আজি পুৱা ৮ বজাৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা। কোভিডৰ দ্রুত সংক্রমণৰ বাবে বিগত ৬ মে’ৰ পৰা বন্ধ হৈ আছিল এই সেৱা। ইতিমধ্যে ৰ’পৱে সেৱাৰ নিৰীখ কিছু পৰিমানে পূৰ্বৰ তুলনাত সালসলনি কৰা হৈছে । সাধাৰণ জনতাৰ বাবে পূৰ্বৰ তুলনাত ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা হৈছে। পূৰ্বৰ অহা-যোৱা ভাড়া আছিল ১০০ টকা।

P&C

বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা এই মূল্য ১৫০ টকালৈ বৃদ্ধি হয় । ৫০ শতাংশ বৃদ্ধিৰে আজিৰ পৰা পুনৰ আৰম্ভ হল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা। কিন্তু শিশু-বৃদ্ধৰ প্ৰয়োজন নহ’ব ভাড়া। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা। যাত্রীসকলে আজিৰ পৰা

কোভিড প্রট’কল মানি ৰ’পৱেত উঠিব পাৰিব । উল্লেখ্য। যে এবাৰ পাৰ হ’লে ৬০ টকাৰ পৰিৱৰ্তে ১০০ টকালৈ বৃদ্ধি কৰা হৈছে এই ভাৰা। ৩ বছৰ বয়সৰ পৰা ১২ বছৰীয়া শিশু, কিশোৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্রাস কৰি আধা কৰা হৈছে।

বিশেষভাৱে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে। ইতিমধ্যে জি এম ডি এয়ে এক জাননীৰ জৰিয়তে ৰ’পৱেৰ ভাৰা সলনি হোৱাৰ কথা প্ৰকাশ কৰিছে।

You might also like