Your Voice, Our Strength

জাগুনত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কানি।

আজিৰ খবৰ, জাগুন, ২২ জুলাই : ৰাজ্যত অব্যাহত এতিয়া নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ব্যতিক্ৰমী নহয় তিনিচুকীয়া জিলা আৰক্ষীও। জিলাখনৰ লেখাপানী আৰু জাগুন  আৰক্ষীয়ে সিমান্তৱৰ্তী অঞ্চলত ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে নিষিদ্ধ নিচাজাতীয় পদাৰ্থ যেনে ড্ৰাগছ, কানিৰ বিৰুদ্ধে অভিযান। আজি লেখাপানী আৰু জাগুন আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত নিষিদ্ধ নিচাজাতীয় পদাৰ্থ কানি বিৰোধী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ কানী। লেখাপানী আৰু জাগুন আৰক্ষীয়ে আজি বিয়লি 2:30  মান বজাত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন বুঢ়ীদিহিং নৈ পাৰ ঘাটৰ পৰা আহি থকা অৱস্থাত সীতা চাহ(27) নামৰ মহিলা এগৰাকীৰ পৰা  750 গ্রাম কানী  জব্দ কৰিবলৈ সক্ষম হয়। মহিলাগৰাকীয়ে নিষিদ্ধ কানিখিনি অৰুণাচল প্ৰদেশৰ বৰদুমচাৰ পৰা অসমৰ দিহিং নদীৰ  পাৰ ঘাট হৈ জাগুনৰ ফালে আনি আছিল। কানি ব্যৱসায়ী মহিলা গৰাকীৰ  ঘৰ  লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ কথা গাঁৱত বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰি অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে।

 

P&C
You might also like