Your Voice, Our Strength

পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষকে নাপাব দৰমহা

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই: ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশ।সময়ত অনুষ্ঠিত কৰিব লাগিব নৱম-দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষা।সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে ।

নিৰ্দেশনা অনুসৰি পৰীক্ষা অনুষ্ঠিত নকৰা বিদ্যালয় সমূহৰ বাতিল হ’ব স্বীকৃতি। যদি পৰীক্ষা অনুষ্ঠিত নকৰে তেন্তে শিক্ষকে দৰমহা নাপাব । নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত ইতিমধ্যে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

P&C

এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটীও গঠন কৰিছে কেবিনেটে । নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ’ব ছমহীয়া পৰীক্ষা। আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ’ব বছৰেকীয়া পৰীক্ষা। ইফালে দশম শ্ৰেণীৰ বাবে থাকিব প্ৰি-ব’ৰ্ড পৰীক্ষা।।দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে আৰু প্ৰি-ব’ৰ্ড, ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত এখন গোপন কমিটীয়ে প্ৰস্তুত কৰিব। ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ তথ্য নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিব লাগিব।পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ’ব।

You might also like