Your Voice, Our Strength

সোণাপুৰ- ক্ষেত্ৰীত বৃহৎ আৱকাৰী অভিযান , চুলাই ভাটী ধ্বংস , ১৫ জনক গ্ৰেপ্তাৰ

আজিৰ খবৰ, ২৩ জুলাই : ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদ প্ৰস্তুত আৰু বিক্ৰী কৰা ভাটীত অভিযান অভিযান চলাই আছে । আনহাতে ৰাজ্যৰ আন আন কেবাখনো জিলাৰ দৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰ আৰু সোণাপুৰ আৱকাৰী চক্ৰই ক্ষেত্ৰী আৰক্ষী থানাৰ সহযোগত আজি সোণাপুৰ আৰু ক্ষেত্ৰীৰ কাষৰীয়া হীৰাপুৰ , মালয়বাৰী , দাপোটা , তেঁতেলীগুৰী অঞ্চলত চুলাই মদৰ ভাটীত এক বৃহৎ অভিযান চলায় । অভিযানত ৩০০ লিটাৰৰো অধিক চুলাই মদ , ১১,০০০ কেজিৰো অধিক চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু ১৫ ,টা বিভিন্ন সা- সঁজুলি জব্দ কৰা হয় । আনহাতে অভিযানত ১৫ ,জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।

P&C
You might also like