Your Voice, Our Strength

বিশ্বৰ শান্তিৰ বাবে ৰামপুৰ সনাতন ধৰ্ম মন্দিৰৰ ভেল দিয়া উৎসৱ

আজিৰ খবৰ, ২৩ জুলাই : সমগ্র অসম, দেশ তথা বিশ্বৰ পৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জাতি- জনগোষ্ঠীৰে অপায়-অমঙ্গল, ব্যাধি, বেমাৰ- আজাৰৰ লগতে কৃষকৰ কৃষি পথাৰত স্বচ্ছল খেতি-বাতি, বানপানীৰ বাবে কোনো বিপদ- বিঘিনি নোহোৱাৰ বাবে আজি দক্ষিণ কামৰূপৰ অন্যতম ধৰ্মানুষ্ঠান ৰামপুৰ সনাতন ধৰ্ম মন্দিৰত হোম যজ্ঞৰ লগতে ভেলদিয়া উৎসৱ উদযাপন কৰে। ১০৩ বছৰ গড়কা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে আজিৰ পবিত্র পূৰ্ণিমা তিথিতে ভেল দিয়া উৎসৱ উদযাপন কৰি আহিছে। মহামাৰী কৰ’ণাৰ বাবে কোভিড প্ৰটকল মানি যথাবিহিত কাৰ্যসূচীৰে ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা নিত্য নৈমিত্তিক পূজা-অৰ্চনাৰ লগতে হোম যজ্ঞ কৰা হয়। ভাগৱত পাঠ কৰে পাঠক প্ৰণৱ কলিতাই। পূজাৰ অন্তত ভেল উটুৱাই দিয়ে ঐতিহাসিক দৰা বিলত। অনুষ্ঠানত অংশ লয় “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰভাষ চৌধুৰী, শৈলেন্দ্র কলিতা প্ৰভৃতিয়ে অংশ লয়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত কলিতা আৰু সম্পাদক ৰূপম কলিতাই জনোৱা মতে- শতায়ু গৰকা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে অতি মাঙ্গলিকভাৱে ৰাইজৰ সুমঙ্গলৰ বাবে পূজা-অৰ্চনা কৰি আহিছে। মহামাৰী কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠুপিয়াকৈ মূল ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰে পৰিচালনা সমিতিয়ে ।

P&C
You might also like