Your Voice, Our Strength

গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত কৰিলে নেকি ?

খৃষ্টান ধৰ্মৰ প্ৰচাৰত শংকৰী কৃষ্টিৰ বিকৃতকৰণ কিছু কথাৰে...

তীৰ্থৰঞ্জন গোস্বামী, বামুণ্ডীসত্ৰ

আজি কিছুদিনৰ আগতে ডিব্ৰুগড় জিলাৰ মৰানত খৃষ্টান ধৰ্মৰ প্ৰাৰ্থনা সভাত মহাপুৰুষৰ শংকৰদেৱ ,মাধৱদেৱৰ কীৰ্তন,নামঘোষাৰ পদ প্ৰসঙ্গক বিকৃত ৰূপত ব্যৱহাৰ কৰা আৰু বৈষ্ণৱ সংস্কৃতি অৱমাননা কাৰ্যক গৰিহণা আৰু ধিক্কাৰ দিছো|বিভিন্ন উপায়ে বিশেষকৈ উজনি অসমত (নামনিৰ ইছলামিক আগ্ৰাসনৰ দৰেই) খৃষ্টানৰ

P&C

আগ্ৰাসন অব্যাহত আছে| প্ৰতিটো হিন্দুধৰ্মীয় দল সংগঠনে ইয়াৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰাসংগিকতা আছে|শ্ৰদ্ধাৰ হেমচন্দ্ৰ শইকীয়াদেৱৰ “শংকৰী কৃষ্টিৰ ওপৰত ভয়ানক ষড়যন্ত্ৰ “নামৰ লিখনিত সুন্দৰ প্ৰকাশ ঘটিছে|তেখেতক ধন্যবাদ জনালো|প্ৰভূ জনাৰ্দন দেৱ গোস্বামীদেৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে|অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তদেৱেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে|আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছো|খৃষ্টানৰ ভয়ানক আগ্ৰাসন ৰুধিবলৈ প্ৰতিটো হিন্দু সত্তা জাগৃত হব লাগিব| অন্যথা অস্তিত্বৰ শংকাত ভূগিব লাগিব হিন্দু | অসম সত্ৰমহাৰ সম্পাদক মহন্তদেৱৰ প্ৰতিক্ৰিয়াত গুৰু দুগৰাকী বুলি ব্যক্ত কৰা দেখা গল|আমি জনাত অসমৰ বৈষ্ণৱ ধাৰাৰ প্ৰবৰ্তন মহাপুৰুষৰ শংকৰদেৱৰ আগৰে পৰা প্ৰবাহমান আছিল যাৰ বাবে মহাপুৰুষ দেৱ দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱ,হৰিহৰদেৱৰ আদৰ্শিত সত্ৰসমূহ বিৰাজমান হৈ আছে|দুজনা গুৰু বুলি ব্যক্ত কৰি অন্য মহাপুৰুষ সকলক উলাই কৰা কাৰ্যত মৰ্মাহত হৈছো আৰু বাকী গুৰুসকলৰ শিষ্য-প্ৰশিষ্যসকলৰ অন্তৰত আঘাত হনা কাৰ্যৰ পৰা বিৰত থাকি ইছলাম আৰু খৃষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে উমৈহতীয়া কৌশল তৈয়াৰ কৰিবলৈ আহ্বান জনালো|অসমৰ পূ্ৰ্নাঙ্গ সত্ৰ প্ৰতিস্থাপক দেৱদামোদৰ দেৱ গুৰুজনাৰ প্ৰতি অশ্ৰদ্ধা প্ৰদৰ্শনত ক্ষোভ প্ৰকাশ কৰিছোো। ধনাত্মক চিন্তা -চৰ্চাৰে সম মৰ্যাদাৰে হিন্দু সত্তাক সুশৃংখলিতভাৱে আগবঢ়োৱাটো সময়োচিত সিদ্ধান্ত লোৱাৰ ক্ষণ।

You might also like