Your Voice, Our Strength

দুৰ্বৃত্ত নহয় মিজো আৰক্ষীয়েহে হত্যা কৰিছে অসমৰ জোৱানক : দেবব্ৰত শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ২৭জুলাই: অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই চলোৱা ধাৰাসাৰ গুলিবৰ্ষণ অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱৰ লগতে কেইবাজনো আৰক্ষী আৰু সাধাৰণ লোক গুৰুতৰ ভাবে আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । বিৰোধী দলপতিগৰাকীয়ে কয় যে, এই ঘটনাত মিজো আৰক্ষীৰ সম্পূৰ্ণ সহযোগিতা আছে । যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, এইয়া মিজো আৰক্ষীয়ে হ’ব । আজিৰ পৰা প্ৰায় ৯ মাহ আগতেই মিজো আৰক্ষীৰ সহযোগিতাত মিজো লোকে অসমৰ ভূমি বেদখল কৰি আহিছে । মই নিজেও সেই অঞ্চল পৰিভ্ৰমণ কৰিছিলো আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছিলো । কিন্তু

চৰকাৰে এই কথা নুশুনিলে যাৰ ফলশ্ৰুতিত আজিৰ এই ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়া । উল্লেখ্য যে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনতো শইকীয়াই সোধা এক প্ৰশ্নৰ উত্তৰত জনোৱা হৈছিল যে, ২০১৬ চনৰ পৰা এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ লোকে ২০৯ বাৰ অসমৰ ভূমিত আগ্ৰাসন কৰিছে । শইকীয়াই ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শিক্ষা দিয়াৰ উপৰিও সীমান্ত অঞ্চলৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় । নিহত হোৱা জোৱান সকললৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে দলপতি দেৱব্ৰত শইকীয়াই ।

P&C
You might also like