Your Voice, Our Strength

আজি আছে টকিঅত মেৰীকমৰ মহা ৰণ, লাভলীনা আৰু মেৰীকমলৈ শুভেচ্ছা জনালে মীৰাবাই চানুৱে

আজিৰ খবৰ,২৯ জুলাই : আজি প্ৰচণ্ড শক্তিৰে অলিম্পিকৰ ৰিঙত নামিব মেৰী কম । ভাৰতীয় সময়মতে সন্ধিয়া ৩.৫০ বজাত কলম্বিয়াৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ সৈতে মেৰীকমৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ খেল অনুষ্ঠিত হ’ব ।তিনিদিন জিৰণি লৈ বৃহস্পতিবাৰে পুনৰ ৰিঙত নামিব মেগনিফিচেণ্ট এম চি মেৰীকম। ২৫ জুলাইৰ প্ৰথম খেলখনত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰী কমে । মেৰী কমৰ এইবাৰ প্ৰতিদ্বন্দ্বী হ’ল ৫১ কেজি শাখাত বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া। মেৰীকম আৰু লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনালে টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে।  টকিঅ’ত ৰূপৰ পদক জয় কৰি মীৰাবাই চানুৱে ইতিমধ্যে ঘৰলৈ উভতি আহিছে আৰু পৰিয়ালৰ সৈতে সময় কটাইছে। শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি মীৰাবাই চানুৱে কয়, ‘দুয়োগৰাকী পদক লাভৰ সম্ভাৱনা আছে। দুয়োগৰাকী ভাল খেলি আছে। মই দুয়োগৰাকীকে শুভেচ্ছা জনাইছো।’’
উল্লেখ্য যে ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰীকমক লৈ এইবাৰো পদক আশা কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে। মেৰীকমৰ আজি হ’ব লগীয়া হাইভল্টেজ খেলখন উপভোগ কৰিবৰ বাবে সকলো ভাৰতীয়ই অপেক্ষা কৰাৰ লগতে সকলোয়ে বিজয় হোৱাৰ আশা কৰিছে ।

P&C
You might also like