
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ
আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই : মেট্ৰিকৰ দৰে বিকল্প মূল্যাংকন পদ্ধতিৰে আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি, কলা শাখাত ৯৮.৯৩ শতাংশ, বাণিজ্যত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। মেট্ৰিক পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এইবাৰৰ ফলাফলেও ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫৮,২৪৪গৰাকী, বাণিজ্য শাখা আৰু বিজ্ঞান শাখাত ক্ৰমে ১১,১৮৯ আৰু ৩২,৯১৭গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে কলা শাখাত দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৯,৭৯৩গৰাকী। ইফালে বিজ্ঞান শাখাত দ্বিতীয় বিভাগত ৫৪৯৭ গৰাকী আৰু তৃতীয় বিভাগত ১৬৭৮ গৰাকী উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ১৮,৩৬৪ গৰাকী। সেইদৰে বাণিজ্য শাখাত ৪,৬০৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ উত্তীৰ্ণৰ সংখ্যা ৩৮,০৬৮ গৰাকী।
