Your Voice, Our Strength

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ৪ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ গোচৰ

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই : মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শুকুৰবাৰে দাখিল কৰিছে এখন এজাহাৰ । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ ।উল্লেখ্য ২৬ জুলাইত মিজোৰামৰ ফালৰ পৰা হোৱা নিৰ্বিচাৰ গুলীবৰ্ষণত অসমৰ ৬ জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিক নিহত হৈছিল আৰু ৪২ জন জোৱান আৰু কেইবাজনো নাগৰিক আহত হৈছিল। এই ঘটনাৰ পিছতে অসমে মিজোৰামৰ কোলাছিব জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত আৰু আন ৬গৰাকী বিষয়াক ২ আগষ্টৰ ভিতৰত অসমৰ ধলাই থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল। ২৮ জুলাইতে অসমে জাৰি কৰিছিল এই চমন। ইয়াৰ পিছতে মিজোৰামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। মিজোৰামে অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলি চালনা কৰি আৰক্ষীক হত্যা কৰা ঘটনাক লৈ অসমে মিজোৰামৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে মিজোৰামেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। মিজোৰাম আৰক্ষীয়ে কোলাছিব জিলাৰ ভেইৰেংটেৰ অসম-মিজোৰাম সীমান্তত অসমে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ৪ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে । হত্যাৰ চেষ্টা আৰু অন্য অপৰাধমূলক ধাৰাৰ লগতে আন কেইবাটাও ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে বুলি মিজোৰাম আৰক্ষীৰ মহাপৰিদৰ্শক জন এনে সদৰি কৰিছে । সোমবাৰে নিশাই অসমৰ বিৰুদ্ধে ভেইৰেংটে থানাত প্ৰাৰম্ভিক ৰিপোৰ্ট দাখিল কৰা হৈছিল । এই গোচৰত আন ২০০ গৰাকী অন্য লোকৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে বুলি জনায় মিজোৰাম আৰক্ষীৰ বিষয়াজনে। অন্যহাতে অসমক ভাবুকি প্ৰদান কৰাৰ অভিযোগত মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধেও অসমে আৰম্ভ কৰিছে তদন্ত ।

P&C
You might also like