Your Voice, Our Strength

সুলেখিকা ইলু দেৱী বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন

আজিৰ খবৰ,১ আগষ্ট :
কি পঢ়ি আছে ? কিতাপ এখন পঢ়ি আছো ৰবা।
আপোনাক যেতিয়াই দেখো তেতিয়াই কিবা পঢ়ি থকা দেখো। ইমান ধৈৰ্য্য আপোনাৰ । হয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খন হল চিয়াঁহীৰ মহাসাগৰ । মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে,তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ। ভাবাচোন কিতাপ যদি নাথাকিলে হেঁতেন তেতিয়া মানুহবোৰৰ মনবোৰ কেনেকুৱা হ’ল হেতেন? যিদিনাৰ পৰা মানুহে কিতাপ লিখিবলৈ আৰু পঢ়িবলৈ ললে সেই দিনাৰ পৰাই মানুহ আচলতে সভ্য হল। এইয়া এগৰাকী লেখক আৰু এজন পঢ়ুৱৈৰ মাজত হোৱা কথা বাৰ্তা । পঢ়ুৱৈ আছে বাবেই কিতাপ প্ৰকাশ হৈ আছে । অৱশ্যে বৰ্তমান ডিজিটেল যুগত কিতাপ পঢ়া পঢ়ুৱৈ সংখ্যা পূৰ্বৰ তুলনাত কিছু পৰিমানে হ্রাস পাই আহিছে বুলি একাংশই ক’ব খোজাৰ সময়তে বহু ভাল ভাল কিতাপ লিখি উলিয়াইছে লেখক- লেখিকা বা সাহিত্যিক সকলে । যাৰ বাবে হয়তো নতুন পঢ়ুৱৈ সংখ্যাও সৃষ্টি হৈছে । উল্লেখ্য যে বহু লেখক লেখিকাই গ্ৰন্থ লিখিছে যদিও কোভিড পৰিস্থিতিৰ বাবে আনুষ্ঠানিক ভাৱে গ্ৰন্থসমূহ উন্মোচন কৰিব পৰা নাই । এই বৰ্ষত সু-লেখিকা ইলু দেৱী বৰুৱাই
গ্ৰন্থ প্ৰেমী সকলৰ বাবে লিখি উলিয়াইছে কেইবাখনো গ্ৰন্থ । অসমৰ কাৰাগাৰৰ প্ৰথম গৰাকী মহিলা অধীক্ষক সকলোৰে পৰিচিত সুলেখিকা ইলু দেৱী বৰুৱাই বৰ্তমানৰ সময়োপযোগী কেইবাখনো গল্প সংকলন, প্ৰবন্ধ আৰু শিশু উপযোগী গ্ৰন্থ পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে । শেহতীয়াভাৱে বিশিষ্টা লেখিকা ইলু দেবী বৰুৱাৰ দুখনি গ্ৰন্থ উন্মোচন কৰা হৈছে । বিশিষ্টা শিশু সাহিত্যিক আৰু গল্পকাৰ হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি উন্মোচন কৰিছে “এডাল পঞ্চাশ ফুট দীঘল অজগৰ সাপ আৰু এটি সৰু কুকুৰা পোৱালি ” আৰু “জুভিনাইল ডিলিংকুৱেঞ্চি” নামৰ দুখন গ্ৰন্থ । আগৰ গ্ৰন্থ সমূহ পঢ়ুৱৈ সমাজে যেনেদৰে আদৰি লৈছে লেখিকা গৰাকীৰ এই দুখন গ্ৰন্থও পঢ়ুৱৈ সমাজৰ পৰা অভূতপূৰ্ব সমাদৰ পাব বুলি আশা কৰিব পাৰি ।
যি সমাজত কিতাপৰ প্ৰচলন নাই,সেই সমাজ থকা নথকা একেই কথা। সেয়েহে ইতিবাচক চিন্তা আৰু বার্তাৰে সৃষ্টিশীল সাহিত্য কৰ্মৰে সমাজৰ বাবে এনেদৰেই এখনৰ পাছত এখন ভাল গ্ৰস্থ গ্ৰন্থাকাৰে লিখি যাওক আজিৰ খবৰৰ তৰফৰ পৰাও জনালোঁ শুভেচ্ছা ।

P&C
You might also like