Your Voice, Our Strength

নিস্তব্ধ প্ৰহৰ

ক্ৰি‌ং … ক্ৰি‌ং… অহৰহ বাজিবলৈ লোৱা টেলিফোনটোৰ শব্দত উচপ খাই উঠিল মায়া।

‘ডাঃ মায়া, মই ‘ডাঃ নিশান্তই কৈছোঁ.. শীঘ্ৰে হাস্পতাললৈ আহক.. it’s emergency’ ..সহকৰ্মী ‘ডাঃ নিশান্তৰ চিন্তাগধূৰ কথাখনি শুনি একেজাপেই বিছনাৰ পৰা উঠিল মায়া। emergency-এই শব্দটোৱে আজিকালি বুকুখন কঁপাই যায় মায়াৰ।

P&C

ততাতৈয়াকৈ বিচনাৰ পৰা উঠি মুখখন ধুই হাস্পতাললৈ যাবলৈ ওলাল মায়া ।যোৱাৰ আগতে এবাৰ বিচনাৰ সিটো কোণত আলফুলে শুই থকা তাইৰ দুবছৰীয়া সন্তান আকাশলৈ চালে ।লাহেকৈ তাৰ ওচৰলৈ গৈ কপালত চুমা এটা খালে।আকাশ তাইৰ ৰংবিহীন জীৱনৰ ৰামধেনু ।আৰু এখন্তেকো পলম নকৰি হাস্পতাললৈ বুলি ৰাওনা হ’ল মায়া ।

হতাশাই বিপন্ন কৰি তোলা এই কঠিন সময়ছোৱাত মানৱ সেৱাক জীৱনৰ ব্ৰত হিচাপে লোৱা মায়াই মাথোঁ দিন ৰাতি একাকাৰ কৰি সংগ্ৰাম কৰি গৈছে । হঠাতে মৃত্যদূত হৈ অহা অচিন বেমাৰটোৱে যে অতি কম দিনতেই বিধস্ত কৰি পেলাইছে তাই থকা সৰু চহৰখন।সৰু-বৰ বুলি চিনচাব নাই..দৈনন্দিন বাঢ়িছে আক্ৰান্তৰ সংখ্যা, কালৰূপ হৈ অহা অচিন বেমাৰটো যেন এতিয়া মৃত্যুৰ অন্য এক পৰিভাষা ।

বাহিৰত চিপচিপ বৰষুণ । হাস্পতাললৈ এতিয়াও কিছুদূৰ বাট বাকী ।মায়াই লক্ষ্য কৰিলে অচিন বেমাৰটোৱে ৰুগ্ন কৰি তোলা চহৰখন নিৰ্জন হৈ পৰিছে । আকাশখনো যেন বিষণ্ণ, প্ৰহৰো যেন নিস্তব্ধ । এই মুহূৰ্তত যদি অম্লান তাইৰ কাষত থাকিলেহেঁতেন… ।এৰা..অম্লান – তাইৰ যৌৱনৰ প্ৰথম আবেগ ।

সেয়া প্ৰায় চাৰিবছৰ আগৰ কথা.. গীটাৰ বজাই ভাল পোৱা অম্লানৰ সুন্দৰ সুঠাম চেহেৰা, মাৰ্জিত, ৰুচিপূৰ্ণ কথাবতৰা তথা দৃঢ় ব্যক্তিত্বত মোহিত হৈছিল তাই ।অম্লানৰ গীটাৰৰ ছন্দত তাইৰ কলিজাত সপ্তসুৰৰ লহৰ বাজিব লৈছিল । আৰু এদিন.. তাইক আচৰিত কৰি হঠাতে অম্লানে তাইক সুধিছিল…

” মায়া, কথা এটা কওঁ..”

“উম.. কোৱা..”

” মই যদি কওঁ মোৰ হৃদয় হাৰি গৈছে তোমাৰ ওচৰত. ..”

লাজত, ভয়ত আৰু এধানিমান আৱেগত ৰঙা পৰি গৈছিল তাই । কঁপা কঁপা মাতেৰে অস্পষ্ট শব্দৰে তাইৰ ওঁঠেৰে নিগৰিছিল-” মোৰ হৃদয়ো হাৰি গৈছে……”

তাইক সম্পূৰ্ণ কৰিব নিদি আনন্দত জঁপিয়াই উঠিছিল অম্লান “Yeee.. তেন্তে আমি দুয়োটাই জিকি গলোঁ’

সেয়াই আৰম্ভণি..তাৰপিছত আৰু পিছলৈ উভতি চোৱা নাছিল অম্লান আৰু মায়াই ।চাৰিবছৰীয়া প্ৰেমৰ পিছত দুয়োখন ঘৰৰ সন্মতি সাপেক্ষে বিবাহ বান্ধোনত বান্ধ খাইছিল দুয়ো । স্বপ্নৰ পৃথিৱীখন আৰু অলপ মধুৰ কৰি সিহঁতৰ মাজলৈ আহিছিল আকাশ । সকলো ঠিকেই চলি আছিল । তাৰপিছত…. হঠাতে এদিন…

“মেডাম, হস্পিতাল”.. ড্ৰাইভাৰজনৰ মাতত সম্বিত ঘূৰি আহিল মায়াৰ ।ততাতৈয়াকৈ গাড়ীৰ পৰা নামি হাস্পতালৰ ভিতৰত সোমায়েই নির্দিষ্ট ৱাৰ্ডলৈ সোমাই গল মায়া । চাৰিওফালে এবাৰ চকু ফুৰালে মায়াই ।নাই.. পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত..কাক চিকিৎসা কৰিব, কাক এৰিব…. এইবাৰ মায়াৰ চকু গ’ল ৱাৰ্ডটোৰ একেবাৰে চুকৰ বিচনাখনলৈ । এজন প্ৰাণচঞ্চল চফল ডেকা ।দুদিন আগতে ভৰ্তি হৈছিল হাস্পতালত । দুদিনৰ চিনাকিতে তাইৰ লগত বেছ ভাতৃ -ভগ্নীৰ লেখীয়া এটা আপোন সম্পৰ্ক গঢ় লৈ উঠিছে ডেকাজনৰ ।কথা প্ৰসংগত সি দুদিন আগত মায়াক কৈছিল দৰিদ্ৰতাই বিধস্ত কৰা তাৰ ঘৰখন যে নতুন ৰূপ দি সজাব বিচাৰে সি ।মাকৰ হেজাৰটা সপোন পুৰ কৰিবলৈ মনত কিমান যে প্ৰচণ্ড হাবিয়াস তাৰ ।কিন্তু… এয়া.. তাইৰ চকুৰ আগতে এতিয়া বিচনাত ধৰফৰাই আছে সি ।তাৰ শিৰা – উপশিৰাৰে যেন প্ৰবাহিত হৈছে মৃত্যুৰ ভয়ংকৰ বিষ । মায়াই তাৰ ওচৰলৈ গ’ল ।যন্ত্ৰনাই ওঁঠৰ ভাষা কাঢ়ি নিলেও তাৰ চকুত ফুটি উঠিল সেই একেই চিৰন্তন আকুলতা ” মোক ভাল কৰি দিয়ক বা.. মই জীয়াই থাকিব বিচাৰোঁ “- মৃত্যুৰ এনে বিভীষিকাময় ৰূপ দেখি অন্তৰ কঁপি উঠিছে মায়াৰো ।

কিছু সময়ৰ পিছত তাইৰ অক্লান্ত প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই কিছু সুস্থিৰ হ’ল সি ।কিন্তু কিমান সময়লৈ.. মায়াই নাজানে । কাইলৈ ৰাতিপুৱা ডিউটি কৰিব আহি মায়াই লগ পাবনে তাক নে তাৰ আগতেই মৃত্যুৰ লগত হাৰি যাব তাৰ প্ৰাণচঞ্চল শৰীৰটো..? অনিশ্চিত ।এক উত্তৰবিহীন প্ৰশ্ন ।

ৱাৰ্ডটোৰ অন্য ৰোগীবোৰক পৰিচৰ্যা কৰি ক্ষন্তেক নিজৰ কেবিনলৈ আহিল মায়া । অস্থিৰ হৈ পৰিছে তাই মৃত্যুৰ এনে ভয়ংকৰ কিৰিলি দেখি ।এয়া যেন হাস্পতাল নহয় মৰিশালী…চাৰিওফালে হৃদয় কঁপাই যোৱা কান্দোনৰ ৰোল।তায়ো বিচাৰিছে আজি অতদিনে দুচকুত মেঘ হৈ থকা চকুপানীবোৰ বৰ্ষা হৈ নামি তিয়াই পেলাওক তাইক ।

কিয়, কাৰ ভুলৰ বাবে আজি এই পৰিণতি.. কিয় এই চহৰখন আজি বিধস্ত ,ৰুগ্ন, পংগুত্বৰ দিশে ধাবমান..? হঠাৎ কালধুমুহা হৈ অহা অতি সংক্ৰামক এই অচিন ৰোগবিধৰ ভয়াৱহতাৰ বিষয়ে কিয় বুজিও নুবুজে সভ্য সমাজে..হয়তো অলপ সাৱধানে থকা হ’লে আজি মৃত্যু উপত্যকাৰ পৰা পৰিত্ৰাণ পালেহেঁতেন তাইৰ আপোন চহৰখনে আৰু আপোন মানুহবোৰ । কিয় মানুহে নুবুজে বাৰু মৃত্যুৱে নিঃশেষ কৰি পেলাই এটা জীৱন কিন্তু সেই মৃত্যুৰ লগত যে সমাধিস্থ হয় হাজাৰজনৰ সেউজীয়া সপোন। আপোন মানুহ এজনক হেৰুৱাই পেলোৱাৰ বেদনাগধুৰ অনুভৱেৰে তায়ো যে সিক্ত ।

পুৰণি বুকুৰ বিষটো আকৌ এবাৰ অনুভৱ কৰিলে মায়াই ।এৰা..আজিৰ পৰা প্ৰায় চাৰিমাহ আগতে এই অচিন বেমাৰটোৱেই যে চিৰদিনলৈ তাইৰ মৰমৰ অম্লানক তাইৰ পৰা কাঢ়ি লৈ গৈছিল ।অম্লানৰ ঠেৰেঙা লগা চকুযুৰিত মৃত্যুৰ পিছতো তগবগাই আছিল তাইৰ প্ৰতি থকা আমৃত্য প্ৰেম । অভিশপ্ত নিয়তিৰ এনে ৰুদ্ৰৰূপ দেখি নিৰ্বাক নিস্পদ হৈ গৈছিল তাই ।আপোন মানুহ এজন চিৰদিনলৈ আঁতৰি যোৱাৰ পিছত কেনেকৈ পল অনুপল বুকুত গধুৰ বিষ এটা লৈ জীৱনৰ ভাৰ কঢ়িয়াব লগা হয় তাক মায়াতকৈ ভালকৈ কোনে বুজিব ।

অভিমান হয় মায়াৰ নিয়তিৰ ওচৰত..তাৰপিছত আক্ৰোশ ওপজে মেৰুদণ্ডহীন সমাজখনৰ ওপৰত..” কিয় মানুহবিলাক ইমান তৰল, কিয় এই অচিন ৰোগবিধৰ ভয়াৱহতাক চকুৰ সন্মুখত দেখিও উপেক্ষা কৰি আহিছে.. চকুৰ সন্মুখত হেৰাই গৈছে ইজনৰ পিছত সিজন আপোন.. তথাপিও কিয় এই কালধুমুহাক ৰুধিবৰ বাবে অকণো সজাগ নহয় কোনো..?চিকিৎসা বিজ্ঞানে কোৱা অনুসৰি অলপ নীতি নিয়ম, সজাগতা , সাৱধানতা মানি চলিলেই যদি এই বিষাক্ত বতাহজাকৰ পৰা পৰিত্ৰাণ দিব পাৰে সেইকণ কৰিবলৈকে কিয় অপাৰগ সকলো ..?”

হাজাৰ অভিমান, সমাজৰ এই অকৰ্মণ্যতাৰ প্ৰতি প্ৰচণ্ড ক্ষোভ থকাৰ পিছতো মায়া কিন্তু দৃঢ় । নাই, তাই থমকি নৰয় । যি সৰ্বনাশী মৃত্যুদূতে অম্লানক তাইৰ পৰা কাঢ়ি লৈ গ’ল, যি কালধুমুহাই বিপৰ্যস্ত কৰিছে অলেখ জীৱন, সেই ভয়াৱহ ৰক্তবীজক স্থায়ী হ’বলৈ নিদিয়ে তাই ।মায়া স্থিতপ্ৰজ্ঞা, একান্ত বিশ্বাস আছে তাইৰ ।তাই সজাগতাৰ সৃষ্টি কৰিব মানুহৰ মাজত, পদূলিয়ে পদূলিয়ে যাব ,এই কালধুমুহাক ৰুধিবৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস কৰিব ।আৰু তাইৰ দৃঢ় বিশ্বাস এদিন নহয় এদিন সমাজখনেও বুজিব এই অচিন ৰোগবিধৰ ভয়াৱহতা..। তাইৰ প্ৰতিটো খোজত সমাজখন তাইৰ লগত থাকিব ।কাৰণ জীয়াই থাকিব কোনেনো নিবিচাৰে.. নিজৰ বাবে, নিজৰ আপোনজনৰ বাবে ..!বুকুত গধুৰ দুখ অনুভৱ কৰিলেও অলপ হাঁহিব চেষ্টা কৰিলে মায়াই। খিৰিকীৰ ফাঁকেৰে এবাৰ তাই আকাশখনলৈ চালে । আকাশখন গোমা হৈ আছে যদিও ৰাতিপুৱাবলৈ বেছি সময় নাই ।

হিৰক আৰ জে

You might also like