Your Voice, Our Strength

মঙ্গলদৈত উৎকোচ লৈ থাকোতেই হাতে লোটে গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া

আজিৰ খবৰ, মংগলদৈ, ৪ আগষ্ট : দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানত গ্ৰেপ্তাৰ হয় খাৰুপেটীয়া কৃষি খণ্ডৰ এগৰাকী কৃষি বিষয়া । জৈনক দাস ।নামৰ কৃষি বিষয়া গৰাকীয়ে ১৫,০০০ টকা উৎকোচ লৈ থকা অৱস্থাত বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আকস্মিকভাৱ এক অভিযান চলায় মঙলদৈত

হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়া গৰাকীক ।জানিবপৰা মতে, বিষয়া গৰাকীয়ে কৃষকক ধান বিক্ৰী কেন্দ্ৰৰ প্ৰমাণ প্ৰত্ৰ দিয়াৰ নামত লৈছিল ধন । বিষয়া গৰাকীৰ চাকৰি খাৰুপেটীয়াত যদিও মঙলদৈত ভাড়াঘৰত থাকে তেওঁ । ঘটনা অনুসৰি খাৰুপেটীয়াৰ জয়নাল আবেদিন নামৰ খেতিয়কজনৰ পৰা ধন দাবী কৰিছিল ADO জ্যোতিৰেখা দাসে । মঙলদৈৰ শান্তিপুৰত পথৰ ওপৰতে ধন লৈ থাকোতেই হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই । বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে শান্তিপুৰত থকা ভাড়াঘৰতো তালাচী চলাই অভিযানকাৰী দলটোৱে । দুৰ্নীতি নিবাৰক শাখাৰ উপ আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত যোৱা ১৪ জনীয়া দল এটাই চলাইছিল এই অভিযান । সম্প্ৰতি বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ পঠাইছে বুলি জানিব পৰা গৈছে ।

P&C

You might also like