Your Voice, Our Strength

ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে লাভলীনাৰ নাম

৯ আগষ্টত গুৱাহাটী পাবহি লাভলীনা

আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : অসম কন্যা লাভলীনা বৰগোঁহাই ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব।

অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত বুধবাৰৰ ছেমি ফাইনেলত তুৰস্কৰ বুছানেজৰ হাতত পৰাস্ত হোৱা অসমৰ লাভলীনা বৰগোঁহায়ে ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহায়ে ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব। বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।

P&C

ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক বিপুলভাৱে সম্বৰ্ধনা জনাব।

নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপাযুক্তৰ তত্বাৱধানত থাকিব লাভলীনা। অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰাৰ কথা সদৰি কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে লাভলীনাক অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰে ।

You might also like