Your Voice, Our Strength

যোৰহাটৰ চন্দ্ৰধৰ চেতীয়াক ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সেনানীক জনোৱা হ''ব এই সন্মান

আজিৰ খবৰ, যোৰহাট, ৯ আগষ্ট : ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সেনানী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে সোমবাৰে যোৰহাট জিলা প্ৰশাসনে ৰাষ্ট্ৰপতি গৰাকীৰ হৈ যোৰহাট জিলাৰ টীয়ক হাঁহচৰা চেতিয়া গাঁৱৰ চন্দ্ৰধৰ চেতীয়াক সমৰ্ধনা জনায় । উল্লেখযোগ্য যে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা দেশৰ মুঠ ৮৫ গৰাকী মুক্তি সেনানীক ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হৈছে৷ ইয়াৰ ভিতৰত চন্দ্ৰধৰ চেতীয়া অসমৰ একমাত্ৰ সেনানী ।আজি ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ,পদক আৰু বস্ত্ৰ মুক্তি সেনানী গৰাকীৰ গৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে৷ অনুস্থানত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু টীয়ক ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নীলাক্ষী বৰাই অংশগ্ৰহন কৰে ।তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰাও মুক্তি সেনানী গৰাকীক এখৰাহী ফলমূল,গছ পুলি,সঁফুৰা আদি প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰা হয় । ৰাষ্ট্ৰপতি গৰাকীয়ে মুক্তি সেনানীসকলৰ প্ৰতি গ্ৰহণ কৰা এই পদক্ষেপক সেনানীগৰাকীয়ে শলাগ লোৱাৰ লগতে এই সন্মানৰ বাবে অতি আনন্দিত বুলি জানিবলৈ দিয়ে৷

 

You might also like