Your Voice, Our Strength

ভাৰত পালেহি লাভলীনা,ৰেড কাৰ্পেট পাৰি আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ

১২ আগষ্টত নিজৰ ঘৰখনলৈ আহিব লাভলীনা

আজিৰ খবৰ,১০ আগষ্ট : টকিঅ’ অলিম্পিক সমাপ্ত হোৱাৰ পাছতেই ডিঙিত সোন ৰূপ আৰু ব্ৰঞ্জৰ পদক ওলোমাই নিজ নিজ ঘৰলৈ আনন্দৰে ঘূৰি আহিছে প্ৰতিজন খেলুৱৈ । অসমকো ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে। সফল খেলুৱৈ লাভলীনা বৰগোহাইয়ে ব্ৰঞ্জৰ পদকেৰে সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হয়। নতুন দিল্লীত দুদিন জিৰণি লৈ ১২ আগষ্টত পুৱা গুৱাহাটীত আহি উপস্থিত হ’ব অলিম্পিয়ান বক্সাৰগৰাকী। ১২ আগষ্টৰ পুৱা বৰঝাৰ বিমান বন্দৰত ৰেড কাৰ্পেট পাৰি লাভলীনাক আদৰিব ৰাজ্য চৰকাৰে ।বিমান বন্দৰৰ পৰা দিশপুৰলৈ শোভাযাত্ৰা কৰি লৈ আনিব ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈ গৰকীক।সংবাদ মাধ্যমক জনাই ক্ৰীড়া মন্ত্ৰী বিমল বৰাই জনোৱা মতেসেই দিনা বিয়লি ৩ বজাত লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্থনা জনাব চৰকাৰে। মন্ত্ৰী বিমল বৰাই লগতে কয় যে টকিঅ’ অলিম্পিকৰ সফল খেলুৱৈগৰাকীৰ মনৰ পছন্দ মতে ৰাজ্য চৰকাৰে তেওঁক দিব কৰ্মসংস্থান। এদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ’বলগীয়া লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে বিয়লি পুনৰ নতুন দিল্লিলৈ উৰা মাৰিব। নতুন দিল্লী লালকিল্লাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই। লাভলীনাক আদৰিবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে নিজৰ পৰিয়ালৰ লগতে বৰপথাৰৰবাসী ।

P&C
You might also like