Your Voice, Our Strength

১০ কোটি টকাৰ পুৰাণ: বিধায়ক আমিনুল ইছলামক উভতি ধৰিলে অখিল গগৈয়ে

আজিৰ খবৰ,১০ আগষ্ট : যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফক অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফক অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল। সেই ধন আদায় নিদিয়াৰ বাবেই এ আই ইউ ডি এফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে অখিল গগৈয়ে। এক সংবাদ মাদধ্যমৰ সন্মুখত অখিল গগৈৰ বিৰুদ্ধে এনেদৰে বিস্ফোৰৰক আভিযোগ আনিছিল বিধায়ক  আমিনুল ইছলামে । এ আই ইউ ডি এফৰ পৰা ১০ কোটি দাবীৰ অভিযোগৰ পাছত এইবাৰ বিধায়ক আমিনুল ইছলামক উভতি ধৰিলে অখিল গগৈয়ে।অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,”বিধায়ক  আমিনুল ইছলাম এজন সাম্প্ৰদায়িক আৰু গুৰুত্বহীন ব্যক্তি। আজিৰ তাৰিখত মই গৌৰৱেৰে কওঁ যে অসমৰ ৰাজনীতিৰ একমাত্ৰ সৎ ব্যক্তি মই।”উল্লেখযোগ্য যে,শেহতীয়াকৈ আমিনুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে যি অভিযোগ আনিছে তাৰ পিছতেই অখিল গগৈয়েও এ আই ইউ ডি এফ আৰু আমিনুল ইছলামৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ।

 

P&C
You might also like