Your Voice, Our Strength

অসমত নতুন শিক্ষানীতি প্রক্রিয়া আৰম্ভ।

প্রতিখন জিলাতে হ'ব একোখনকৈ বিশ্ববিদ্যালয়।

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ব৷ শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৭ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতহে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব। মঙলবাৰে সদনত এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷

হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী। পেগুৱে কয়

P&C

ইতিমধ্যে অসমত নতুন শিক্ষানীতি ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ হৈছে৷ শিক্ষানীতিৰ আধাৰত কলেজসমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণী পর্যায়ক্রমে আঁতৰোৱা হ’ব৷ ইফালে হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবং ডিগ্রী কলেজত দীর্ঘদিন ধৰি সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক পদত নিযুক্তি নোহোৱাৰ কথা স্বীকাৰ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইতিমধ্যে সেই খালী পদসমূহ পূৰণৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে ।এই বছৰ ডিমা হাছাও জিলাত অধিক ছাত্র–ছাত্রী মেট্রিকত উত্তীর্ণ হোৱাৰ উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ১২খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷

You might also like