কিয় অশান্তি পাইছে গৰিমাই ?
কাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত ক্ষোভত ফাটি পৰিছে গৰিমা শইকীয়া গাৰ্গ.....
আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : শেহতীয়াকৈ গৰিমা শইকীয়া গাৰ্গৰ এক ছচিয়েল মিডিয়াৰে পোষ্টক লৈ সৃষ্টি হৈছে বিশেষ চৰ্চা । অসমৰ অভিনয় ক্ষেত্ৰখনক লৈ ফেশ্যন ডিজাইনাৰ আৰু উদ্যোগী মহিলাৰূপেই জনাজাত গৰিমা শইকীয়া গাৰ্গে উদ্বেগ প্ৰকাশ কৰিছে । ছচিয়েল মিডিয়াৰে জৰিয়তে অসমৰ অভিনয় ক্ষেত্ৰখনৰ একাংশ প্ৰযোজক, পৰিচালকৰ বিৰুদ্ধে প্ৰকাশ কৰিছে চুড়ান্ত ক্ষোভ।
গৰিমাই নিজৰ পোষ্টত লিখিছে, “আজি কালি অসমীয়া মেগা(?) serialৰ দুই এজন প্ৰযোজক, পৰিচালকে হয়তো নিজকে ভগৱান বুলি ভাবিবলৈ লৈছে । স্বনামধন্য (?) এই দুই এজন ব্যক্তিয়ে হয়তো আন এজন ব্যক্তিৰ সময়,নিষ্ঠা আৰু কামৰ প্ৰতি থকা আগ্ৰহ, ভক্তিক আজিলৈকে উপলব্ধি কৰা নাই আৰু কৰি চাবও বিচৰা নাই । perfectionistৰ বেশ ধৰি পোন্ধৰ দিন, এমাহ, দুমাহলৈকে এটা কামৰ বাবে বিস্তৃত ভাৱে কথা পাতি, কথা দি, সকলো ধৰণেৰে প্ৰস্তুতি কৰোৱাই এজন শিল্পীক শেষ মুহূৰ্ত্তত নাকচ কৰি একেবাৰে হতাশ কৰি কেনে ধৰণৰ পাশবিক আনন্দ(?) পায় বুজি নাপাওঁ।”গৰিমাৰ অভিযোগ দুই-এজন প্ৰযোজক, পৰিচালকে নিজকে ভগৱান বুলি ভাবি একো একোজন শিল্পীক কাম দিয়াৰ নামত শেষ মুহূৰ্তত নাকচ কৰি শিল্পীসকলৰ সৈতে অন্যায় কৰি আহিছে।চূড়ান্ত ক্ষোভেৰে লিখিছে যে তেওঁ নিজেই বিগত কেইদিনমানত এনে বহু ঘটনাৰ সাক্ষী হৈছে। পোষ্টত লিখিছে যে “শেহতীয়া ভাৱে এনেকুৱা কেইবাটাও কথা শুনিলো, নিজেই পৰোক্ষভাৱে জড়িত হৈ থকা কামত একেবাৰে ওচৰৰ পৰা দেখিলোঁ । কিবা এটা দুখ, খং নে ক্ষোভ কʼব নোৱাৰো ,, কিন্তু বিৰাট এক অশান্তি পাইছোঁ এনেকুৱা অন্যায় দেখি ।”গৰিমা গাৰ্গ হৈছে এগৰাকী এনে মহিলা যি ভুলক ভুল বুলি ক’বলৈ ভয় নকৰে সেয়েহে হয়তো চকুৰ সন্মুখত ঘটি থকা ঘটনাবোৰক লৈ প্ৰচণ্ড খং উঠিছে গৰিমা শইকীয়া গাৰ্গৰ । যাৰ বাবে বিৰাট এক অশান্তি পাইছোঁ বুলি লিখিবলৈ বাধ্য হৈছে ।