Your Voice, Our Strength

অলিম্পিক পদক হাতত লৈ গুৱাহাটীত উপস্থিত লাভলীনা : বিমান বন্দৰতে আদৰিলে মুখ্যমন্ত্ৰীয়ে

আজিৰ খবৰ, গুৱাহাটী, ১২ আগষ্ট : দেশৰ গৌৰৱ অসম কন্যা লাভলীনা বৰগোহাঁই আজি পুৱা প্ৰায় ৯.৩০ বজাত অলিম্পিকৰ পদক হাতত লৈ গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হয় । ইতিহাস ৰচনা কৰি অসমলৈ সুনাম কঢ়িয়াই অনা লাভলীনা উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা, ফুলৰ থোপা আৰু জাপিৰে আদৰণি জনায় বিশ্ব জয় কৰা খেলুৱৈগৰাকীক ৷অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ তথা দ্বিতীয় গৰাকী অসমীয়া বক্সাৰ লাভলীনাক বিমান বন্দৰতে মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ বন্ধু বান্ধৱীৰ লগতে ভিন্ন জনে উষ্ম আদৰণি জনায় লাভলীনাক । বিয়লি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰিব লাভলীনাই ৷ ৩ বজাত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজহুৱাভাৱে বিপুল সম্বৰ্ধনা জনোৱা হ’ব ৷ অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন দল-সংগঠনেও খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাব পাৰিব । এটা বছৰৰ পাছত নিজৰ স্বগৃহ লৈ ঘূৰি আহিছে যদিও এইবাৰ ঘৰলৈ যোৱা নহব লাভল লাভলীনাৰ । গুৱাহাটীৰ পৰাই লাভলীনা বৰগোঁহায়ে ১৩ আগষ্টত পুনৰ দিল্লীলৈ উভতি যাব । ১৫ আগষ্টত স্বাধীনতা দিৱসৰ অনুষ্ঠানত দেশৰ আন পদক বিজয়ী অলিম্পিয়ানৰ সৈতে লাভলীনা বৰগোঁহাইকো ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছে । সেই অনুষ্ঠানত ভাগ লোৱাৰ পাছতহে লাভলীনা বৰগোঁহাই পুনৰ অসমলৈ আহি বৰপথাৰৰ নিজ গাঁও বাৰমুখীয়ালৈ যাব । গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ মহানগৰ এতিয়া লাভলীনাময়ৰ এক পৰিবেশ বিৰাজ কৰাৰ পৰিলক্ষিত হৈছে । আজি দিনটো দেশৰ বাবে এক গৌৰৱৰ দিন । সকলোৰে মুখে মুখে কেৱল লাভলীনা লাভলীনা লাভলীনা…..

P&C
You might also like