Your Voice, Our Strength

বিধানসভাত জয় শ্ৰীৰাম ধ্বনি : গৃহীত হ’ল গো-সুৰক্ষা বিল ২০২১, কি ক’লে মুখ্যমন্ত্ৰীয়ে

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : বহু তৰ্ক বিতৰ্কৰ অন্তত অৱশেষত অসম বিধানসভাত গৃহীত হ’ল সুৰক্ষা বিধেয়ক ২০২১। লগে লগে  বিজেপি বিধায়কসকলে দিলে সদনত ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম ধ্বনি । আনফালে বিলখন গৃহীত হোৱাৰ লগে লগে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ত্যাগ কৰে সদন । সদনত গৃহীত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দীঘলীয়া ভাষণ কৈছিল যে, ‘ আপোনালোকে য’ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌধিষ্টে থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক ৷ নামানিলে সংঘাত হ’ব ৷ খোৱাতটো আমি বাধা দিয়া নাই ৷ মই কম যে খাবই নালাগে ৷ কিন্ত মোৰ কথা মানিব জানো ৷ মই এই সদনৰ মুছলমান সদস্যসকলক কম যে, আপোনালোকে কওক পাঁচ কিলোমিটাৰ নহয় ছয় কিলোমিটাৰ দূৰত খাম বুলি কওক। বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক’লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে।’ বিলখন গৃহীত হোৱাৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শইকীয়াই কয় যে, ‘আইনখন আমি চিলেক্ট কমিটীলৈ পঠিয়াবলৈ দাবী কৰিছিলো। ভাৰতে আটাইতকৈ বেচি গো ৰপ্তানি কৰে। উৎপাদন নথকা কোনো গৰু পালন কৰিব লাগিব। অৰ্থনীতি কমিটীৰ জৰিয়তে চিলেক্ট কমিটীত আলোচনা কৰা দাবী কৰিছিলো, কিন্তু কোনো পৰ্য্যবেক্ষণ কৰা নহ’ল।’

P&C
You might also like