Your Voice, Our Strength

কোন সঁচা কোন মিছা এইবাৰ আদালত পাবগৈ অখিলৰ ১০ কোটি প্ৰসঙ্গ

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা বিধায়ক অখিল গগৈৰ ১০ কোটি টকাৰ আখ্যান এইবাৰ পাবগৈ আদালত । বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। উল্লেখ্য যে এআইইউডিএফক নিজ দলক আগবঢ়াই নিয়াৰ বাবে সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বেই

১০ কোটি টকা অখিল গগৈয়ে বিচৰা বুলি শেহতীয়াকৈ যি অভিযোগ আনিছিল বিধায়ক আমিনুল ইছলামে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব আৰু জাননী জাৰি কৰা হ’ব বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ।

P&C

অৱশ্যে আদা। বিধায়ক অখিল গগৈ সংবাদ মাধ্যমৰ আগত কয়,- “এই কথাটোৰ পৰা আঁতৰি আছিলো। কিন্তু দুৰ্ভাগ্যৰ কথা যে বিধায়ক আমিনুল ইছলামে এনে অপপ্ৰচাৰ এতিয়াও কৰিয়ে আছে। মোৰ সামান্যতমো ইচ্ছা নাছিল যে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গোচি যাও। কাৰণ দীৰ্ঘদিনৰ পাছত মই জেলৰ পৰা ওলাই আহিছিলো। গোচৰবোৰৰ পৰা মুক্ত হৈ আছো। আকৌ মোৰ ওপৰত এটা গোচৰ তৰক বা মই এটা গোচৰ দিও, এনেধৰণৰ কোনো কামৰ সৈতে জড়িত হ’ব খোজা নাছিলো। কিন্তু বিধায়কজনে বাৰম্বাৰ মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছিলে, মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিল।”কোন সঁচা কোন মিছা অৱশ্যে আদালতত বিষয়টো কেনেদৰে নিৰূপণ হয় সেয়া সময়তহে লক্ষণীয় হ’ব ।

You might also like