Your Voice, Our Strength

আজি নগালেণ্ডৰ স্বাধীনতা দিৱস: ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল । তেনেস্থলত নাগালেণ্ডে কেনেকৈ ১৪ আগষ্টত উদযাপন কৰে স্বাধীনতা দিৱস…..?

আজিৰ খবৰ ১৪ আগষ্ট : নাগাসকল ভাৰতৰ লগত আছে যদিও তেওঁলোকৰ বহুতে এতিয়াও নিজক ভাৰতীয় বুলি নাভাৱে। নিজৰ স্বাধীনতা দিৱস ১৪ আগষ্ট বুলিহে মানে। ঔপনিৱেশিক ব্ৰিটিছৰ হাতৰপৰা ভাৰত স্বাধীন হোৱাৰ বহু আগৰে পৰা পৃথক নাগাৰাষ্ট্ৰৰ দাবীত স্বাধীন মনৰ নগাসকলে সংগ্ৰাম, আলোচনা চলাই আহিছে। ফিজো, চাখ্ৰেৰ দৰে সংগ্ৰামীয়ে সাধাৰণ নাগা লোকক স্বাধীনতাৰ সংজ্ঞা যেন বহু আগতেই বুজাই দিছিল। আমি নাঙঠ জাতি বুলি ইতিকিং কৰা নগাজাতি সেয়ে মানসিকভাবে আমাতকৈ বহু যোজন আগুৱাই গ’ল। পৃথক নগাৰাষ্ট্ৰৰ দাবীত সংগ্ৰাম আৰম্ভ কৰা ফিজোহঁত আনকি ভাৰতে স্বাধীনতা লাভ কৰাৰ কেইদিনমানৰ আগতেও আলোচনাত বহিছিল মহাত্মা গান্ধীৰে। ১৯৪৭ চন ১৯ জুলাইৰ কথা….নগা নেশ‍্যনেল কাউন্সিলৰ ১১ জনীয়ে দলে নতুন দিল্লীত মহাত্মা গান্ধীক সাক্ষাৎ কৰিছিল । তেওঁলোকে বুজাই দিছিল যে নগা সকল কোনোদিনে ভাৰতীয় নাছিল আৰু নগাসকলৰ স্বাধীনতা আমাৰ জন্মগত অধিকাৰ । সেই দলটিক সাক্ষাৎ কৰাৰ পাছত মহাত্মা গান্ধীয়ে কৈছিল ——- ” If you say that you do not belong to india, then the materr ends there. Nagas have evey right tobe independent”. কেৱল ইমানেই নহয় নগা সকলৰ বাবে বন্ধুকৰ গুলীও বুকুত পাতি লম বুলি ঘোষণা কৰিছিল ….। আনকি নগাৰ প্ৰতিনিধি দলটোৱে অনুৰোধ কৰিছিল যে ভাৰতৰ স্বাধীনতা প্ৰদানৰ দিনাই নগাক ও স্বাধীনতা দিবলৈ….
তাৰ প্ৰত্যুত্তৰ হিচাপে মহাত্মা গান্ধীয়ে কৈছিল—
“এতিয়া কিয় নহয়???
১৫আগষ্টৰ বাবে কিয় ৰখিব লাগে????”
(WHY NOT NOW?? WHY TO WAIT FOR 15 AUGUST??) এইদৰে নগা ভাই সকলক সমৰ্থন কৰিছিল ভাৰতৰ জাতিৰ পিতাই ।সেয়েহে ফিজুৱে কৈছিল ” মহাত্মা গান্ধী যদি আৰু কেইটামান মাহ জীয়াই থকা হলে আজি নগা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিলে হেতেন”। অৱশ্যে ইয়াৰ পূৰ্বে ১৯৪৫ চনৰ জুন মাহত Naga National Councilএ নগা অঞ্চলৰ স্বায়ত্ব শাসন বিচাৰি ব্ৰিটিছ চৰকাৰক প্ৰথমখন স্মাৰকপত্ৰ দিছিল। NNCৰ প্ৰতিনিধি দলটোৰে আলোচনাত বহি বিবুধিত পৰিছিল মহাত্মা গান্ধী। আলোচনাৰ সময় দুদিনলৈ বৃদ্ধি পালে। ফিজো, চাখ্ৰেহঁতৰ স্বাধীনতা বিচৰাৰ যুক্তিৰ সন্মুখত গান্ধীজী যুক্তিহীন হৈ পৰিছিল। NNCৰ সম্পাদক চাখ্ৰেই কৈ উঠিছিল— “ভাৰত চৰকাৰে সৈন্য নমাই আমাক গুলীয়াই নগা পাহাৰ দখল কৰিব।” চাখ্ৰেই তেনেদৰে কোৱাৰ কাৰণ আছিল সেই সময়ৰ তদানীন্তন অসমৰ গৱৰ্নৰ ছাৰ আকবৰ হাইদৰীয়ে নগাসকল ভাৰতৰ লগত থাকিবলৈ অস্বীকাৰ কৰিলে তেওঁলোকক দমন কৰিবলৈ সৈন্য ব্যৱহাৰ কৰা হ’ব বুলি ভাবুকি দিছিল। এনেবোৰ কথা শুনি উপায়ন্তৰ হৈ গান্ধীজীয়ে কৈছিল— Nagas have every right to be independent. … I believe in the brotherhood of man, but I do not believe in forced unions. If you do not wish to join the Union of India, nobody will force you to do that. The Congress government will not do that. Sir Akbar is wrong. He cannot do that. I will come to Naga hills ; I will ask them to shoot me first before one Naga is shoot.
গান্ধীৰ কথাত ফিজোহঁত পতিয়ন যোৱা নাছিল। অৱশ্যে ফিজোৰ নেতৃত্বত মহাত্মা গান্ধীক সাক্ষাৎ কৰি স্বাধীন নাগালেণ্ড দাবী কৰাৰ আগতে ২৬ জুনত অসমৰ ৰাজ্যপাল আকবৰ হায়দৰীৰ পৌৰোহিত্যত এখন ৯ দফীয়া চুক্তি স্বাক্ষৰিত হৈছিল। উক্ত চুক্তি অনুসৰি নগাসকলক প্ৰায়বোৰ বিষয়তে স্বায়ত্ত্ব শাসনৰ সুবিধা দিয়া হৈছিল। তেজ, ঘাম আৰু চকুলোৰে লিখা। স্বাধীন নাগালেণ্ডৰ কাহিনী দীঘলীয়া যদিও ১৪ আগষ্টৰ দিনাই নাগালেণ্ডে উদযাপন কৰি আহিছে স্বাধীনতা দিৱস ।

You might also like