Your Voice, Our Strength

তালিবানৰ কি নিষ্ঠুৰ নিয়ম : নখত ৰং কৰিলেও কাটি পেলোৱা হয় মহিলাৰ আঙুলি ।

তালিবানত অদ্ভুত নিয়ৰ কথা জানিবলৈ পঢ়ক সবিশেষ....

আজিৰ খবৰ,১৮ আগষ্ট : তালিবাণি ৰাজ্যত শ্বৰিয়া আইনৰ অধীনত মহিলাসকলৰ পৰা সকলো অধিকাৰ কাঢ়ি লোৱাৰ নিয়ম সৃষ্টি কৰিছে তালিবানে । তালিবানৰ নিয়ম শুনিলে আপুনিও আচৰিত হ’ব ।নিষ্ঠুৰ নিয়মৰ ভিতৰত আছে–
কোনো মহিলাই নিকট আত্মীয় অবিহনে ৰাস্তালৈ যাব নোৱাৰে।
মহিলাসকলে ঘৰৰ পৰা ওলাই যাওঁতে কেৱল বোৰ্খা পিন্ধিব লাগিব।
হাই হিল পিন্ধিব নোৱাৰিব যাতে পুৰুষে মহিলাসকল অহা শুনা নাপায়।
ৰাজহুৱা স্থানত মহিলাসকলৰ মাত অচিনাকি লোকৰ সন্মুখত শুনা পাব নহ’ব।
তলৰ মহলাৰ ঘৰবোৰত খিৰিকীত ৰং কৰা হ’ব লাগিব, যাতে ঘৰৰ ভিতৰত মহিলাসকল দৃশ্যমান নহয়।
মহিলাসকলে ফটো তুলাব নোৱাৰিব, বা তেওঁলোকৰ ছবি বাতৰি কাকত, কিতাপ আৰু ঘৰত ওলমি থাকিব নালাগিব।
‘মহিলা’ শব্দটো যিকোনো স্থানৰ নামৰ পৰা বিলোপ কৰিব লাগিব।
মহিলাসকলে ঘৰৰ বাৰান্দা বা খিৰিকীত সকলোৱে দেখাকৈ থাকিব নালাগিব।
মহিলাসকল কোনো ৰাজহুৱা স্থানত একত্ৰীকৰণৰ অংশ হ’ব নোৱাৰিব।
মহিলাসকলে নখত ৰং প্ৰয়োগ কৰিব নোৱাৰিব, বা তেওঁলোকে ইচ্ছা মতে বিয়া হ’ব নোৱাৰিব। যদি এই নিয়ম কোনো মহিলাই উলংঘন কৰে তেন্তে নিষ্ঠুৰ শাস্তিৰে সন্মুখীন হ’ব লাগিব । তালিবানসকল তেওঁলোকৰ ভয়ংকৰ শাস্তিৰ বাবে যথেষ্ট কুখ্যাত। যদি কোনোবাই মহিলাই অবৈধ সম্পৰ্কৰ বাবে আগবাঢ়ে তেন্তে মহিলাসকলক ৰাজহুৱাভাৱে হত্যা কৰা হয়। পোছাক পিন্ধাত সালসলনি হলেই তাৰ বাবে একেই শাস্তি দিয়া হয়। যদি কোনো যুৱতীয়ে বিবাহৰ পৰা পলাই যাবলৈ চেষ্টা কৰে, তেওঁৰ নাক আৰু কাণ কাটি পেলোৱা হয় আৰু মৰিবলৈ এৰি দিয়া হয়। যদি মহিলাসকলে নখ ৰং কৰে, তেওঁলোকৰ আঙুলি কাটি নোযোৱালৈকে তেওঁলোকক নিৰ্মমভাৱে শাস্তি দিয়া হয়।

P&C
You might also like