Your Voice, Our Strength

সলনি হ’ব নেকি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম ! কি ক’লে মুখ্যমন্ত্ৰীয়ে…..

আজিৰ খবৰ,১৮আগষ্ট :: সলনি হ’ব নেকি গুৱাহাটীৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম । যাক লৈ সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  বিভিন্ন মাধ্যমত সৰৱ চৰ্চা অব্যাহত থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আঠখেলীয়া নামঘৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয় ”এইখনৰ নাম কোনেও সলনি কৰিব নোৱাৰে। আৰু বিমান বন্দৰৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰেই থাকিব। এই নামটোক লৈ কোনো ধৰণৰ উত্তেজনা সৃষ্টি কৰিব নালাগে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে আৰু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ থকা লৈকে নামটো কোনেও পৰিবৰ্তন কৰিব নোৱাৰে।” উল্লেখ্য যে, আদানী গ্ৰুপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ দায়িত্ব লোৱাৰ পিচতে ৰাজ্যজুৰি সৃষ্টি হৈছিল এই প্ৰতিক্ৰিয়াৰ।

P&C
You might also like