Your Voice, Our Strength

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ঢোলে-দগৰে আদৰণি সৰ্বানন্দ সোণোৱালক, আৰম্ভ আৰ্শীবাদ যাত্ৰা।

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট :গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহন তথা আয়ুস মন্ত্ৰ্যালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমলৈ আহিছে সোণোৱাল। বৰঝাৰ বিমান বন্দৰত ঢোলে-দগৰে আদৰণি জনালে সৰ্বানন্দ সোণোৱালক। ফুলৰ থোপাৰে সোণোৱালক অসমলৈ আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে। সোণোৱালৰ সৈতে আন এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীও আহিছে। সৰ্বানন্দ সোণোৱালে অসম বিজেপিৰ নেতা কৰ্মীসকলক লৈ আৰম্ভ কৰিবলগীয়া আশীৰ্বাদ যাত্ৰা বৰঝাৰ বিমানবন্দৰৰ পৰাই আৰম্ভ হ’ব। আজি আৰ্শীবাদ যাত্ৰাত অংশ ল’ব সৰ্বানন্দ ।

P&C
You might also like