Your Voice, Our Strength

পবিত্ৰ উৎসৱ আজি ৰাখীবন্ধন ।

ৰাখী বন্ধন এক পবিত্ৰৰ উৎসৱ।ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি দিনটোতেই পালন কৰা হয় যদিও ৰাখী বন্ধন উৎসৱ অসমীয়াৰ পৰম্পৰা নহয়।

আজিৰ খবৰ, গুৱাহাটী, ২২ আগষ্ট : আজি শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি ৷ এই পবিত্ৰ দিনটোৱেই হ’ল ৰাখী পূৰ্ণিমা বা ৰাখী বন্ধন ৷ ৰাখী বন্ধন এক পবিত্ৰৰ উৎসৱ।ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি দিনটোতেই পালন কৰা হয় যদিও ৰাখী বন্ধন উৎসৱ অসমীয়াৰ পৰম্পৰা নহয়। অৱশ্যে আজিকালি প্ৰায় সংখ্যকে এই ৰাখী বন্ধন উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায় । ।এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল।এই কথা কোনেও সথিক ভাবে কব নোৱাৰে।

মহাভাৰত মতে, মহাভাৰতৰ কোনো এখন যুদ্ধত শ্রীকৃষ্ণৰ আঘাত প্ৰাপ্ত হোৱাত পাঁচ পাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিল।এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ তাৰ বহু বছৰৰ পিছত কৌৰৱৰ লগত পাশা খেলত পাণ্ডৱ হৰাত দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত কৌৰৱে অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে কৃষ্ণই দ্ৰৌপদীক সন্মান ৰক্ষা কৰিবৰ কাৰণে নিজৰ মায়াৰে তেওঁক বস্ত্ৰদান কৰিছিল।বহুতৰে মতে তেতিয়াৰ পৰাই এনেদৰে ৰাখী বন্ধন প্ৰচলন হৈছিল ।আন এক পৌৰাণিক আখ্যানৰ মতে, দানৱ আৰু দেৱতাৰ মাজত যেতিয়া যুদ্ধ হৈছিল তেতিয়া দেৱতা সকলে দানৱৰে ওচৰত দুৰ্বলৰ হৈ পৰিছিল । তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰই গুৰু বৃহস্পতিৰ কাষ চাপিলে।বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তেওঁ এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে।সংযোগ ত্ৰুমে সেই দিনা শাওঁন মাহৰ পূণিমাৰ তীথি আছিল আৰু তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত বুলি বহুতে কব খোজে । আন এটা আখ্যানৰ মতে দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল।বিষ্ণুয়ে বৈকুণ্ঠ এৰি আহি বলি ৰাজ্য ৰক্ষা কৰিবলৈ আহে।বিষ্ণুৰ পত্নী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘুৰাই নিবৰ বাবে এজনী সাধাৰন মহিলাৰ ৰূপ ধৰে।লক্ষ্মীদেৱীয়ে বলিক কয় যে যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰূদ্দেশ, হৈ আছে । তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালোকে যাতে বলিয়ে তেওঁৰ ঘৰতে এই ছদ্মবেশী মহিলা গৰাকীক থাকিবলৈ আশ্ৰয় দিয়ে । বলি ৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্রয় দিবলৈ ৰাজি হ’ল।শাওঁন মাহৰ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে।সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধাত লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিয়ে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি কয়।তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়।

P&C

কেৱল আখ্যানেই নহয় ইতিহাসৰ পাত লুটিয়ালেও ৰাখী বন্ধনৰ কিছু কথা জনা যায় ।ঐতিহাসিক প্ৰসংগ অনুসৰি ৰাণী কৰ্ণবতী আৰু সম্ৰাট হুমায়ুনঃ ৰাজপুত সকল যেতিয়া যুদ্ধৰ বাবে উলাই তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুজাৰু সকলৰ মূৰত ফুট লগাইছিল আৰু হাতত ৰেচমৰ সূতা এডাল বান্ধি দিছিল।তেওঁলোকে এই সূতা ডালক বিশ্বাস কৰিছিল যে এই সূতা ডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব।এটা জনপ্ৰিয় গল্প আনুযায়ী চিতোৰৰ ৰাণী কৰ্ণবতী ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আত্ৰুমণ কৰিলে।বিধবা ৰাণী কৰ্ণবতীয়ে অসহায় বোধ কৰিল আৰু মগল সম্ৰাট হুমায়ুনৰ এডাল ৰাখী পঠাই আৰু তেওঁৰ ভনীয়েকৰ সাহায্যৰ প্ৰাৰ্থনা কৰে।ৰাণী কৰ্ণবতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে। এক কিংবদন্তী অনুযায়ী,৩২৬খ্ৰীষ্টপূৰ্বাব্দে মহামতি আলেকজেণ্ডায় ভাৰত আত্ৰুমণ কৰে।আলেকজেণ্ডাৰৰ পত্নীয়ে পুৰু ৰজালৈ এডাল সূতা পুঠিয়াই আৰু তেওঁক অনুৰোধ জনায় যে আলেকজেণ্ডাৰক যাতে কোনো ক্ষতি নকৰে আৰু পুৰু ৰজাই হাতত বন্ধা সেই ৰাখী দালৰ সন্মান কৰিয়েই আলেকজেণ্ডাৰম দিছিল জীৱন দান । বিভিন্ন জনৰ বিভিন্ন মত যদিও শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনটোতেই এটা যুগৰ পৰা প্ৰচলিত নিয়ম অনুসাৰে বিপদৰ পৰা হাতত হাত ধৰি ভনিয়েকক আগবঢ়ায় নিয়াৰ প্ৰতিশ্ৰুতি আৰু দায়িত্ববোধ ,ককায়েক আৰু ভায়েকৰ প্ৰতি থকা ভনীয়েকৰ হেঁপাহৰ বান্ধোন আজিও পালন কৰি অহা হৈছে ৰাখী বন্ধন হিচাপে ।

You might also like