Your Voice, Our Strength

অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি।

আজিৰ খবৰ, গুৱাহাটী ,২৩ আগষ্ট : ক’ভিডৰ ভয়াবহতাৰ মাজতে আজি অসমসহ উত্তৰ পূৱৰ কেবাখনো ৰাজ্যত আজি এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে ভাৰতীয় মান সময় অনুসৰি দুপৰীয়া ১ বাজি ১৩ মিনিট আৰু ২২ চেকেণ্ডত প্ৰায় ১৯ চেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.০ কম্পনাংক । আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলাৰ উত্তৰ দিশত ১০ কিঃমিঃ গভীৰতাত । অবশ্যে ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ।

You might also like