Your Voice, Our Strength

পুনৰ কোভিডে ধ্বংস কৰিব নেকি সাধাৰণ মানুহৰ জীৱন জীৱিকা!

নীতি আয়োগৰ কেন্দ্রীয় চৰকাৰক সতৰ্কবাণী।

আজিৰ খবৰ, নতুন দিল্লী, ২৩ আগষ্ট : যি সময়ত কোভিডে দেশৰ সাধাৰণ মানুহৰ জীৱন জীৱিকা একপ্ৰকাৰ নিঃশেষ কৰি পেলালে তেনে সময়তে ভাৰতত পুনৰ কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকা কৰা হৈছে । ছেপ্টেম্বৰৰ পৰা তৃতীয়টো ঢৌৱে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি কৰিছে নীতি আয়োগে । প্ৰথম,দ্বিতীয়ৰ পাছত কৰ’না ভাইৰাছৰ সংক্রমণৰ তৃতীয়টো ঢৌৱে ভাৰতত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। নীতি আয়োগে । এইক্ষেত্ৰত নীতি আয়োগৰ সদস্য ভি কে পলে যোৱা মাহত ক’ৰনা সংক্ৰমণৰ মোকাবিলা কৰিবলৈ চৰকাৰক কিছু পৰামৰ্শ দিছে ।চৰকাৰক দিয়া পৰামর্শত কোৱা হৈছে যে ভৱিষ্যতে কৰ’নাৰ সংক্রমণ হোৱা প্রতি ১০০জন ব্যক্তিৰ ২৩জনক চিকিৎসালয়ত ভর্তি কৰোৱাৰ প্রস্তুতি কৰিব লাগিব৷

আয়োগৰ মতে ছেপ্টেম্বৰৰ পৰা ভাৰতত কৰ’নাৰ সংক্রমণৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্ণসম্ভাৱনা আছে৷ এইক্ষেত্ৰত তৃতীয়টো ঢৌৱে অধিক ভয়াৱহ ৰূপ ল’ব পাৰে বুলি নিটি আয়োগে সতর্ক কৰি দিয়ে৷

P&C

আয়োগৰ মতে, তৃতীয়টো ঢৌৰ সময়ত দেশত প্রতিদিনে ৪-৫ লাখ লোকৰ সংক্রমণ হ’ব পাৰে৷

আয়োগে অহা মাহৰ ভিতৰত দেশত দুই লাখ আই চি ইউ বিছনা সাজু কৰি ৰখাৰ পৰামর্শ দিছে৷ আয়োগৰ মতে, দেশ দ্বিতীয় ঢৌতকৈও শোচনীয় পৰিস্থিতিৰ বাবে সাজু থকাৰ প্রয়োজন আছে বুলি পৰামৰ্শ আগবঢ়াইছে । যদি সেয়াই হয় তেন্তে কি হ’ব সাধাৰণ মানুহৰ অৱস্থা । প্ৰায় দুটা বছৰে কৰোনা মহামাৰীৰ বাবে দেশৰ লগতে অসমৰ খাটি খোৱা জনগণৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা । কৰ্মহীন হৈ বহি আছে লাখ লাখ জনতা । কি কৰিব ক’ত যাব ,হেৰুৱাই পেলাইছে জীৱনৰ সর্বস্য । তৃতীয় ঢৌ আহিলে মানুহ যে এইবাৰ জীয়াই থাকিব পাৰিব সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে পৰিগণিত হৈছে ।

You might also like