Your Voice, Our Strength

অহা ছেপ্টেম্বৰত পুনৰ খুলিব শিক্ষানুষ্ঠান : তিনি দিনৰ ভিতৰত প্রকাশ পাব SOP

সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রীৰ ঘোষণা

আজিৰ খবৰ, ২৩ আগষ্ট : অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিবলৈ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ পর্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খোলা হ’ব বুলি ঘোষণা কৰিছে শিক্ষমন্ত্ৰীয়ে । ক’ভিড পৰিস্থিতি ক্রমাৎ ৰাজ্যত উন্নত হ’বলৈ আৰম্ভ হোৱাৰ লগে লগে বিশেষকৈ দশম, দ্বাদশ, স্নাতক চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ’ব বুলি ইতিমধ্য ৰাজ্য চৰকাৰে সদৰী কৰিছে৷ ডিফুৰ এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে,”অহা ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে শিক্ষানুষ্ঠানসমূহ খোলা হ’ব৷ প্রথম পর্যায়ত চূড়ান্ত বর্ষসমূহ, যেনে– দশম, দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ আজি খোলাৰ ব্যৱস্থা কৰা হ’ব৷ পর্যায়ক্রমে ক’ভিড পৰিস্থিতি উন্নত হ’লে আন শ্রেণীসমূহ খোলাৰ চিন্তা–চর্চা কৰা হ’ব বুলি সদৰি কৰে শিক্ষমন্ত্ৰীয়ে । ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে সুকীয়া এছ অ’ পি প্রস্তুত কৰা হৈছে৷মুখ্যমন্ত্রীৰ অনুমোদন লাভ কৰিলেই তিনি দিনৰ ভিতৰত এই এছ অ’ পি প্রকাশ পাব৷”। নতুন এছ অ’ পি পর্যালোচনা কৰা হৈছে৷ বুলি সাংবাদিকক সদৰি কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ।

You might also like