Your Voice, Our Strength

মৃত্যুৰ পাছতো বলোৎকাৰ,ক’ত আছে এনে পিশাচ ! জানিবলৈ পঢ়ক…

আজিৰ খবৰ,২৪ আগষ্ট : কেৱল জীয়াই থাকোতেই মহিলাক পাশৱিক নির্যাতন নকৰে । মৃত্যুৰ পাছতো এই পিশাচবোৰে বলোৎকাৰ কৰে মহিলা সকলক । এনে নিষ্ঠুৰ কাণ্ড কোনো বেলেগ গ্ৰহত নহয় এনে পাশবিক শাসন চলোৱা এখন ঠাই এই পৃথিবীতে আছে । নাম আফগানিস্তান ।আফগানিস্তানৰ মুক্ত মহিলা অন্ধকাৰ পোতাশালত বন্দী হয় । ইতিমধ্যে

আফগানিস্তানত তালিবানৰ শাসনত মহিলাসকল কেনে পাশৱিক নির্যাতনৰ সন্মুখীন হ’ব পাৰে তাক লৈ সঘনে সংবাদ মাধ্যমত প্রতিবেদন প্রকাশ পাই আছে৷ পূর্বৰ তালিবানৰ শাসনত আফগানিস্তাত

P&C

বোর্খাৰ আঁৰত জীৱন অতিবাহিত কৰিছিল মহিলা সমাজে৷ শেহতীয়াকৈ কাবুলৰ পৰা প্রাণ লৈ দিল্লীত আহি উপস্থিত হোৱা বহু মহিলাই আফগানিস্তানত তালিবানৰ আতিশয্যৰ বহু শিহৰণকাৰী তথ্য সদৰী কৰিছে৷ দিল্লীত উপস্থিত হোৱা এগৰাকী আফগান মহিলা আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি মৃত্যুৰ পিছতো মহিলাক ৰেহাই নিদিয়ে তালিবানে৷ মুস্কান নামৰ এই মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি নৃশংসভাৱে হত্যা কৰা মহিলাৰ মৃতদেহত ধর্ষণ কৰাৰ বর্বৰ ইতিহাস আছে তালিবানৰ৷ কেৱল মুখৰ শব্দতকৈ গুলি বাৰুদেৰে কথা পাতে তালিবাণীয়ে । তালিবনে আফগান দখল কৰাৰ পাছতেই মহিলা সকল আতংকিত হৈ পৰিছে । দেশ এৰি পলাইছে বহু মহিলা । স্তম্ভিত হৈ পৰিছে বিশ্ব । মহিলাসকল তালিবানৰ শাসনত পুনৰ ভয়াৱহ পাশৱিকতাৰ চিকাৰ হ’ব বুলি এতিয়া সকলোৱে আশংকা প্রকাশ কৰিছে ।

You might also like