Your Voice, Our Strength

পাণ্ডু ,ভঙাগড়ত বিদেশী সুৰা জব্দ: মহিলাসহ দুজনক আটক

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে ৰাজহুৱা অভিযোগৰ ভিত্তিত আৱকাৰী ভিত্তিত কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে পাণ্ডুৰ শংকৰ নগৰ আৰু ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সমীপত কালি সন্ধিয়াৰ পৰা নিশালৈ দুটা গৃহত অভিযান চলায় । অভিযানকালত ভঙাগড়ত ৩ কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু ৫ কাৰ্টুন বিয়েৰ জব্দ কৰাৰ লগতে হাতে লোটে এজনী মহিলাক আটক কৰা হয় । তেনেদৰে পাণ্ডু শংকৰ নগৰত চলোৱা অভিযানত এক কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন লোকক আটক কৰা হয় । আনহাতে আটকাধীন দুয়ো জনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত গোচৰ ৰজু কৰি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

You might also like