Your Voice, Our Strength

পালেহি দুৰ্গা পূজা । কিহত উঠি আহিব আৰু কিহত উঠি যাবগৈ মা দুৰ্গা?

যোৱাবাৰ শুভ নাছিল এইবাৰ কি হ'ব...?

আজিৰ খবৰ,২৬ আগষ্ট : মাজত মাথোঁ কেইটামান দিন । বৰ্ষাক বিদায় দি ধাৰলৈ নামি আহিব শৰৎ । শৰৎ মানেই পূজাৰ বতৰ । সমগ্ৰ দেশৰ লগতে বঙালীসকলে অতি হেঁপাহেৰে বাট চাই থকা উৎসৱ সমূহৰ ভিতৰত অন্যতম হৈছে দুৰ্গা পূজা ৷ বিগত বৰ্ষত কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে সকলোৱে অতি বিষণ্ণ মনেৰে মা দুৰ্গাক বিদায় জনাবলগীয়া হৈছিল ৷

P&C

প্ৰকৃতিৰ নিয়ম যিহেতু পূৰ্বৰ দৰেই শৰৎ আহিলেই এইবাৰো পৃথিবলৈ নামি আহিব মা দুৰ্গা দেৱী ।

বিগত বৰ্ষত দুৰ্গা পূজাৰ আনন্দ-উল্লাস মহামাৰীৰ বাবে ম্লান পেলোৱা দেখা গৈছিল ৷ কিন্তু এইবাৰ অনাগত সময়ত বছৰটোত সকলোৱে এটাই আশা কৰিছে, যাতে সকলোবোৰ মংগলময় হয় আৰু ৰাইজে হেঁপাহৰ উৎসৱটি আনন্দেৰে উদযাপন কৰিব পাৰে ৷ দেৱীৰ আগমনে যাতে সকলো অসূয়া-অপ্ৰীতি আঁতৰ কৰি নিয়ে সকলোৱে তাৰে কামনা কৰিছে ৷ হিন্দু শাস্ত্ৰ অনুযায়ী এইটো বিশ্বাস কৰা হয় যে, দেৱী দুৰ্গাৰ যি বাহনত আগমন হয় আৰু যি বাহনত মা দুৰ্গাই প্ৰস্থান কৰে তাৰ ওপৰতে সমগ্ৰ বিশ্ববাসীৰ বাবে বছৰটো কেনেধৰণে যাব সেয়া নিৰ্ভৰ কৰে ৷ উল্লেখ্য যে এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত উঠি ধৰালৈ নামি আহিব ৷ দেৱী ঘোঁৰাত উঠি অহাৰ অৰ্থ হৈছে ছত্ৰভংগ ৷ অৰ্থাৎ এইবছৰ দেৱী দুৰ্গাৰ আগমনে সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ অস্থিৰ অৱস্থা, যুদ্ধ, অস্থিৰতা আৰু বিপ্লৱ আদিৰ সংকেত দিছে ৷ এইবাৰ মা দুৰ্গাই দোলাত উঠি প্ৰস্থান কৰিব ৷ ইয়াৰ অৰ্থ মৃত্যু অথবা মহামাৰী ৷ দেৱী দুৰ্গা যোৱাটো বছৰ দোলাত আহিছিল ৷ ইয়াৰ অৰ্থ হৈছে মহামাৰী অথবা মৃত্যু ৷ ইয়াৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে ৷ যোৱাটো বছৰত হাতীত উঠি মা দুৰ্গাই প্ৰস্থান কৰিছিল ৷ সাধাৰণতে হাতীক দেৱীৰ সৰ্বশ্ৰেষ্ঠ বাহন হিচাপে গণ্য কৰা হয় ৷ হাতীত উঠি দেৱীৰ আগমন হ’লে যথেষ্ট শুভ হিচাপে গণ্য কৰা হয় ৷ ইয়াৰ ফলত পৃথিৱী শস্য-শ্যামলা হৈ পৰাৰ লগতে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে ৷ শাস্ত্ৰৰ মতে, দেৱী ধৰালৈ নামি অহা আৰু প্ৰস্থান কৰা বাহনসমূহৰ ভিতৰত দোলাৰ প্ৰতীক হৈছে মহামাৰী ৷ নাৱৰ প্ৰতীক বানপানী, হাতী শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক হোৱাৰ বিপৰীতে ঘোঁৰাৰ অৰ্থ যুদ্ধ-বিগ্ৰহ তথা অশান্তি ৷ শাস্ত্ৰত এই কথাও উল্লেখ আছে যে, একেখন বাহনতে দেৱীৰ আগমন আৰু প্ৰস্থানো অশুভ ৷ ২০১৯ চনত দেৱী ঘোঁৰাত আহি ঘোঁৰাতে প্ৰস্থান কৰিছিল ৷ যাৰ ফলস্বৰূপে সমগ্ৰ বিশ্ব কৰ’ণা মহামাৰীৰ কবলত পৰা বুলি প্ৰায় সকলোৱে বিশ্বাস কৰে ৷ এই বছৰটোতো দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থানে এক অশুভ সংকেট বহন কৰিছে ৷ এইবাৰ দেৱীৰ আগমন আৰু গমনে কি শুভ বাৰ্তা দিয়ে সেয়া সময়েহে ক’ব যদিও ভাল দিন অহাৰ আশাৰে সকলোৱে মা দুৰ্গাক জনাইছে প্ৰাৰ্থনা ৷

You might also like